নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাৰ জখলাবন্ধা আৰক্ষী থানাত গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ১৯ মে’: অধিক ৰহস্যঘন হৈ পৰিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ আজি চাৰিদিন উকলি যোৱাৰ পাছতো নিত্য নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষী, চিআইডিতো বাদেই সৰ্বসাধাৰণ ৰাইজ বিভ্ৰান্ত হৈ পৰিছে সঁচা কোন আৰু মিছা কোন ? আনকি জোনমণিৰ মৃত্যু প্ৰকৃততে হত্যা নে আত্মহত্যা নে দূৰ্ঘটনা ই অসমবাসীৰ সন্মুখত লাখটকীয়া প্ৰশ্ন। অসমবাসীৰ সন্মুখত যিদৰে প্ৰশ্নৰ অৱতাৰণা ঘটিছে ঠিক তেনেদৰে জোনমণি ৰাভাৰ দূৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভা তথা তেওঁ পৰিয়ালৰ সদস্য সকলে ঘটনাটো কোনোপধ্যেই সহজভাৱে ল’ব পৰা নাই। সময় যিমানে অতিবাহিত হৈছে সিমানেই জটিলৰ পৰা জটিলতৰ হৈ পৰা পৰিলক্ষিত হৈছে। গভীৰ উৎকণ্ঠা আৰু শোকত জৰ্জৰিত মাতৃ সুমিত্ৰা ৰাভা আজি বিয়লি প্ৰায় ৪.৩০ বজাত গুৱাহাটীৰ পৰা আহি সোঁ-শৰীৰে জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হয়হি। জখলাবন্ধা থানাত উপস্থিত হৈ মাতৃ গৰাকীয়ে কন্যা জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি এখন এজাহাৰ দাখিল কৰে। উক্ত ঘটনা সংক্ৰান্ততে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰে।

 

উল্লেখযোগ্য যে – মৃত জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰ খনত কেতবোৰ বিস্ফোৰক কথা উল্লেখ কৰাৰ পাছত নগাঁও আৰক্ষীৰ ভিতৰে বাহিৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজাহাৰ খনত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ প্ৰতীম কুম্বাং, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা ,ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদৰ  নাম উল্লেখ কৰা কিছু পৰিমাণে দোষী সজোৱা হৈছে। তদুপৰি জোনমণিৰ মৃত্যুৰ পাছত জোনমণিৰ চৰকাৰী বাসগৃহ লৈ আহি সোধপোছ নকৰাকৈ অৰ্থাৎ অনুমতিহীনভাৱে আৰক্ষীৰ দল প্ৰৱেশ কৰি ঘৰৰ ভিতৰখন লণ্ড-ভণ্ড কৰা আৰু নগদ চাৰি লাখ ত্ৰিছ হাজাৰ টকা , কিছুমান নথি-পত্ৰ লৈ যোৱা বুলি উল্লেখ কৰাৰ লগতে এখন উকা কাগজত সুমিত্ৰা ৰাভাৰ টিপ চহী কৰাই আৰক্ষী দলটো গুচি যায় বুলি এজাহাৰ খনত লিখিত অভিযোগ উত্থাপিত কৰিছে। তদুপৰি তেওঁৰ ফোনটো ৰাজা ইৰশ্বাদ নামৰ আৰক্ষী বিষয়া গৰাকীয়ে ল’ক কৰি ফোন কৰিব নোৱাৰা কৰি থৈ যায় বুলিও প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণ কথা যে- জোনমণি ৰাভাৰ মাতৃৰ অনুমতি অবিহনে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা আৰু তেওঁ একো নজনাকৈয়ে নগাঁও আৰক্ষী ছাউনীত নগাঁও আৰক্ষীয়ে মৃতদেহ চমজাই দিয়াৰো গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে। তদুপৰি জোনমণিৰ দুটা ম’বাইল ফোনৰ মাত্ৰ এটা উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ বিপৰীতে আনটো ফোন আজি পৰ্যন্ত পোৱা নাই বুলি অভিযোগ উত্থাপিত কৰে।
স্মৰ্তব্য যে,অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে  চিআইডিৰ তদন্তকাৰী দলটোৱে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে জোনমণিৰ মাতৃয়ে দাখিল কৰা এজাহাৰত স্বয়ং আৰক্ষীক সাঙুৰি লোৱা ঘটনাই বিশেষ ইংগিত বহন কৰিছে।
You might also like