নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰলৈ এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক লাভলিনা বৰগোহাঁইৰ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পুনৰ উত্তৰ-পূৰ্বৰ খেলুৱৈৰ দপদপনি। শুকুৰবাৰে জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত ৭৫ কেজি শাখাৰ স্বৰ্ণ পদক লাভ কৰে লাভলিনা বৰগোহাঁয়ে। এছিয়ান মঞ্চত লাভলিনাৰ এয়া প্ৰথম স্বৰ্ণ পদক।

শুকুৰবাৰে ফাইনেলত লাভলিনাই উজবেকিস্তানৰ ৰুজমেটোভা ছ’খিবাক ৫:০ পইণ্টত পৰাস্ত কৰে। এই জয় লাভলিনাৰ বাবে অধিক বিশেষ, কিয়নো ৭৫ কেজি শাখাত এইটোৱেই তেওঁৰ প্ৰথম পদক।

ইয়াৰ পূৰ্বে এছিয়ান চেম্পিয়নশ্বিপ, বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিকত লাভলিনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এতিয়া সোণৰ পদক হাতত লৈ অসমৰ বক্সাৰগৰাকীয়ে যেন অলিম্পিকৰ বাবে অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে শনিবাৰে পুৰুষ শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব। শনিবাৰৰ ফাইনেলত শিৱ থাপাই উজবেকিস্তানৰ আব্দুল্লায়েভ ৰুছালানৰ মুখামুখি হব।

You might also like