নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি জাতীয় বিদ্যাপীঠত “বিশ্ব পৰিবেশ দিৱস“ উদযাপন

নিয়মীয়া বাৰ্তা, ৫ জুনঃ ১৯৭৩ চনৰ পৰা ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বজুৰি উদ্‌যাপিত হৈ অহা বিশ্ব পৰিবেশ দিৱস চলিত বৰ্ষত দেওবাৰ হোৱা হেতুকে মৰিয়নি জাতীয় বিদ্যাপীঠত ৪ জুনত উদ্‌যাপন কৰা হয় ৷ এই উপলক্ষ্যে শিক্ষানুষ্ঠানখনত্বেক অনুষ্ঠানৰ আয়োজন কৰা হয় । মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতাই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি “পৰিবেশ দিৱস“ৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য দাঙি ধৰাৰ লগতে বিদ্যালয় চৌহদত বৃক্ষৰোপন কৰে ৷ প্ৰকৃতিপ্ৰমী সংগঠন “ধৰিত্ৰী“ৰ সঞ্চালক, শিক্ষাবিদ নেকিব ইছলাম অনুষ্ঠানত উপস্থিত থাকি বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ আনহাতে পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এক চিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ চিত্ৰ প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰে ৷ বিদ্যালয়ৰ শিক্ষয়িত্ৰী দুলুমনি মালাকাৰ হাতীবৰুৱাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ “সেউজী সেউজী“ গীতটি আকৰ্ষণীয় ৰূপত পৰিবেশন কৰে । এই অনুষ্ঠানতে শিক্ষয়িত্ৰী অনুশ্ৰী গোহাঞিবৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে নিৰ্মিত পৰিবেশ সম্পৰ্কীয় চুটি ছবি “বিৰিখ“ প্ৰদৰ্শন কৰা হয় ।

You might also like