নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ আক্ৰমনত আহত ৩ বনকৰ্মী

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যত আজি পুৱাৰ ভাগত চোৰাং মাছমৰীয়াৰ দলে আক্ৰমন কৰে বনকৰ্মীৰ দলক ৷ লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিৱিৰ এলেকাৰ বনকৰ্মীসকলে নিয়মীয়া পহৰা দি থকাৰ সময়তে চোৰাং মাছমৰীয়া দলৰ আক্ৰমনৰ বলী হয় বনকৰ্মীৰ দলটো ৷  চোৰাং মাছমৰীয়া দলৰ আক্ৰমনত গুৰুতৰভাবে আহত হয় তিনিজনকৈ বনকৰ্মী ৷ আহত বনকৰ্মী কেইজন হ’ল গিৰিধৰ শইকীয়া, জিয়াউৰ ৰহমান আৰু চন্দন ঘোষ ৷ চোৰাং মাছমৰীয়া দলটোৰ বিৰুদ্ধে বন বিভাগে গড়াজান আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে ৷

You might also like