নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত অষ্টম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

নিয়মীয়া বাৰ্তা, ২১ জুন:  যোগ হ’ল জীৱ আত্মা আৰু পৰম আত্মাক পৰম ব্ৰহ্মৰ লগত পৰিচয় কৰি দিয়াৰ এক সুগম পথ ৷ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যিক বিজেপি ৰ সভাপতি ভৱেশ কলিতাৰ ৷ আজি শুৱালকুছিৰ শ্ৰীশ্ৰী শঙকৰদেৱ ধামত অনুস্ঠিত অস্টম আন্তৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্য অতিথি হিচাবে উপস্থিত থাকি তেওঁ পুনৰ কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটোত একে সময়তে যোগ দিৱস উদযাপন কৰাটো গৌৰৱৰ বিষয় ৷ আজাদী কি অম্‌ত মহোৎসৱৰ ৭৫ বছৰ উপলক্ষে অসমৰ ৭৫ স্হানত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা বুলিও তেওঁ দোহাৰি এই মহান কাৰ্যত জড়িত যোগীসকললৈ তেওঁ শুৱালকুছিৰ যোগস্হলীৰ পৰাই শুভেচ্ছা জনায় ৷

অনুস্হানত বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত শ্ৰীশ্ৰী ঈশ্বৰ হাটীসত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই কয় যে, যোগে মানুহৰ পঞ্চ ইন্দ্ৰিয় সঞ্চালিত কৰি ৰাখে ।পঞ্চ ইন্দ্ৰিয়, পঞ্চ তন্ত্ৰ, পঞ্চ কুন্দলী জাগ্ৰত হৈ থাকিলে মানুহ মহামানৱলৈ ৰূপান্তৰিত হয় আৰু কোনো ব্যাধি জড়াৰ দ্বাৰা প্ৰভাবিত নহয়। তেওঁ পুণৰ কয় যে যোগ কেৱল শাৰিৰীক পৰিশ্ৰম নহয় । যোগক এঘন্টীয়া শাৰিৰীক পৰিশ্ৰম বুলি নাভাবি যোগী সকলে কুন্দলী জাগ্ৰত কৰি গবেষণাৰ আধাৰ হিচাপে ললে জীৱ জগতৰ উপকাৰ হব বুলি বাপ জনাই কয়। আয়ুষ অভিযান অসমৰ সৌজ্ন্যত কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্হ্য সমিতিৰ উদ্যোগত শুৱালকুছি পতঞ্জলি যোগ সমিতি আৰু শুৱালকুছি প্ৰথমিক চিকিৎসা কেন্দ্ৰ সহযোগত স্হানীয় শ্ৰীমন্ত শংকৰদেৱ ধামত অনুস্হিত যোগ দিৱসটি পৰিচালনা কৰে শুৱালকুছি পতঞ্জলি যোগ সমিতিৰ সভাপতি অপূৰ্বলাল বৈশ্য আৰু সম্পাদক গকূল দাসে।অনুস্হানত বৃহত্তৰ শুৱালকুছি আৰু দাতিকাষৰীয়া অঞ্চলৰ শতাধিক যোগীয়ে অংশ গ্ৰহন কৰে।

You might also like