নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ্ঠশিল্পী জুবলী বৰুৱালৈ ২০২২ বৰ্ষৰ “অসম জননী বঁটা 2022”

নিয়মীয়া বাৰ্তা, ২১ জুন: অসমৰ সংগীত জগত আৰু সমাজ জীৱনলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱালৈ ২০২২ বৰ্ষৰ “অসম জননী বঁটা 2022” আগবঢ়োৱা হয়। গুৱাহাটীৰ বেলতলা ছাৰ্ভেত অৱস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাৱাসত নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত কৰা এক নাৰী দিৱসৰ বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। অধিবক্তা অৰ্পিতা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বৃদ্ধা আৱাসৰ জ্যেষ্ঠ আবাসী ১০৭ বছৰীয়া শ্ৰীমতী শুভদ্ৰা দেৱীয়ে বিশিষ্ট সংগীত শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে।

উল্লেখ্য এই বঁটাত আছে এখন এখন মানপত্ৰ, এটা মেমেণ্ট, এখন চেলেং চাদৰ, এটা ফুলৰ তৰা, আৰু এটা জাপি। এই বঁটা গ্ৰহণ কৰি জুৱলী বৰুৱা ই উৎফুল্লিত হৈ পৰে আৰু ১০৭ বছৰীয়া আইতাই প্ৰদান কৰা এই বঁটা তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ বঁটা বুলি অভিহিত কৰে। “এই বঁটা ই মোক আৰু অধিক কাম কৰি যোৱাত প্ৰেৰণা যোগাব বুলিও জুৱলী বৰুৱাই উল্লেখ কৰে। উল্লেখযোগ্য প্ৰতি বছৰে আঠ মাৰ্চৰ নাৰী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি যাব বুলি বৃদ্ধাবাসৰ সভানেত্ৰী কৃষ্ণা কাকতিয়ে জানিবলৈ দিছে।

You might also like