নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ পোৱালিৰ মাতৃ ‘ছুপাৰ মম’ৰ মৃত্যুত শোক

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ বার্ধক্যজনিত কাৰণত মৃত্যু হৈছে মধ্যপ্রদেশৰ পেন্স ব্যাঘ্র সংৰক্ষণ কেন্দ্রৰ কিংবদন্তি বাঘিনী ‘কলাৰৱালী’৷ চিকিৎসকসকলে যোৱা এসপ্তাহ ধৰি এই বাঘিনীৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছিল৷ ১৪ জানুৱাৰীত অন্তিমবাৰৰ বাবে পর্যটকসকলে দেখিবলৈ পাইছিল এই বাঘিনীক৷ উল্লেখনীয় যে ১৭ বছৰ বয়সত মৃত্যু হৈছে কলাৰৱালীৰ৷ ২০০৮ৰ পৰা ২০১৮ চনৰ ভিতৰত এই বাঘিনীয়ে ২৯টাকৈ পোৱালিৰ জন্ম দিছিল৷ সেই বাবে বন বিভাগে এই বাঘিনীৰ নাম ‘ছুপাৰ মম’ ৰাখিছিল৷ এই বাঘিনীজনীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে বনকর্মী তথা স্থানীয় বাসিন্দাসকলে৷ মৃত্যুৰ পিছত বাঘিনীজনীক মাল্যার্পণেৰে শ্রদ্ধাঞ্জলি জনাইছে অঞ্চলবাসীয়ে৷

You might also like