নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত  দ্বাবিংশতিতম জোনাই ৰঙালীবিহুৰ সন্মিলনী সফল সামৰণি 

নিয়মীয়া বাৰ্তা, ১৩ মেঃ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যলয় খেলপথাৰ প্ৰাংগনত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ জোনাইবাসী ৰাইজৰ সহযোগত  দ্বাবিংশতিতম বৃহত্তৰ জোনাই ৰঙালী  বিহুৰ সন্মিলনখনীৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যলয় খেলপথাৰত অনুষ্ঠিত বৃহত্তৰ জোনাই ৰঙালী  বিহুৰ সন্মিলনখনীত  পূৱা ৮ বজাত  বৃক্ষ ৰোপন, পূৱা ৮.৩০ বজাত বিহুৰ পতকা উত্তোলন কৰে  উদযাপন সমিতিৰ সভানেত্ৰী ড৹ সুখলতা ফুকন গগৈ আৰু সদৌ অসম ছাত্র সন্থা  পতকা উত্তোলন কৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বড়াই৷  ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে জোনাই আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক ৰাজৰিশি পেগুৱে৷ পূৱা ৯.৩০ বজাত পৰম্পৰাগত খেল প্ৰতিযোগিতা৷  উদ্ধোধন কৰিব জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকলম শইকীয়াই৷ পূৱা ১০.৩০ বজাত জেং বিহু প্ৰতিযোগিতা, দিনৰ ১২.৩০ বজাত সৰু বিহু ৱতী প্ৰতিযোগিতা, বিয়লি ২.৩০ বজাত মাজু বিহুৱতী প্ৰতিযোগিতা,সন্ধিয়া ৪ বজাত লৃগাং মৌমবৃৰ  প্ৰতিযোগিতা আৰু সন্ধিয়া ৫.৩০ বজাত বিহুৱতী প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হৈছে৷ দ্বিতীয় দিনা গুমৰাগ চ:মান, হুচৰি প্ৰতিযোগিতা সন্ধিয়া বঁটা বিতৰনী অনুষ্ঠান পিছতে মুকলি সভা৷ মুকলি সভাৰ শুভ উদ্ধোধন কৰে উদযাপন সমিতিৰ সম্পাদিকা ড৹ সুখলতা ফুকন গগৈয়ে৷ মুকলি সভাত উপস্থিত মূখ্য অতিথি হিচাপে  সদৌ অসম ছাত্ৰ সন্থাৰ  সাধাৰন সম্পাদক শংকৰজ্যোতি বৰুৱা, সন্মানীয় অতিথি হিচাপে টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থা সাংগঠনিক সম্পাদক, মন্টুৰাজ বৰুৱা সদৌ অসম ছাত্ৰ সন্থা কার্যনিবাহক সদস্য,  ৰাজীৱ গগৈ, জোনাই মহকুমাধিপতি প্ৰদিপ কুমাৰ দ্বিবেদী, জোনাই ৰাজহ চক্ৰ বিষয়া ঋতু পল্লব বৰুৱা,জোনাই মহকুমা আৰক্ষী বিষয়া ভাগৱমুনি দাস,মূর্কংচেলেক মহাবিদ্যালয় অধ্যক্ষ, ড০ দিপক কুমাৰ দলে, জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকলম শইকীয়া , আমন্ত্ৰিত অতিথি হিচাপে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা সভাপতি দিপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈ,  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ  সম্পাদক ৰাতুল বৰগোঁহাই, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নীল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মা , টি এম পি কে জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং সম্পাদক মিগম দলেৰ লগতে বিভিন্ন  ছাত্ৰ সংগঠনৰ বিষয় ববীয়াৰ লগতে জোনাই অঞ্চলৰ বহু গণ্য মান্য লোক উপস্থিত থাকা মুকলি সভাত  সন্ধিয়া ৬ বজাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ভাৰপ্ৰাপ্ত অধ্যক্ষ  পৰমানন্দ দাৰিকৰ দ্বাৰা বন্তি প্ৰজ্বলৰ পিছতে সন্ধিয়া ৬.৩০ বজাত প্ৰক্তন জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াক সম্বৰ্ধনা জনায়৷ সন্ধিয়া ৭ বজাত প্ৰয়াত  বিষয় শিক্ষক ধৰনীধৰ নাথ সোঁৱৰনী সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে অনাতাঁৰ শিল্পী ও বিশিষ্ট গায়িকা তৰাৱতী মিলি বৰিয়ে৷
You might also like