নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ লৈ ভৱানীপুৰত গ্ৰেপ্তাৰ লাটমণ্ডল নৱ বৰুৱা

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই আজি ভৱানীপুৰত এগৰাকী লাটমণ্ডলে উপঢৌকন লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পেলায়। নৱ কুমাৰ চৌধুৰী নামৰ সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল গৰাকীয়ে হাতে লোটে প্ৰদীপ দাস নামৰ এগৰাকী ব্যক্তিৰ পৰা তিনি হাজাৰ টকা ভৱানীপুৰৰ লক্ষী নাৰায়ণ ৰেষ্টোৰেণ্টত উপঢৌকন লৈছিল । জানিব পৰা মতে ভৱানীপুৰৰ প্ৰদীপ দাসে গলিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঠিয়াপাৰাত যোৱা বছৰ প্ৰায় চাৰি কোঠা মাটি গদাধৰ দাস নামৰ লোক এগৰাকীৰ পৰা ক্ৰয় কৰিছিল। কিন্তু মাটি খিনি নাম জাৰিৰ বাবে দীৰ্ঘদিন ধৰি সৰুপেটা ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ তাত বাতি কাঢ়িছিল যদিও লাটমণ্ডল জনে বিভিন্ন অজুহাত দেখুৱাত নাম জাৰি কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত ধনৰ বিনিময়তহে নামজাৰি কৰা হব বুলি কোৱাত আজি তিনি হাজাৰ টকা প্ৰদীপ দাসে আদায় দিয়ে। উল্লেখযোগ্য যে নব কুমাৰ দাসে ইয়াৰ আগতে এই গৰাকী লোকৰ পৰা কেইবা হাজাৰ টকাৰ উপৰিও কেইবাজনো লোকৰ পৰা উপঢৌকন লোৱাৰ অভিযোগ শুনিবলৈ পোৱা গৈছে ।

ভূষণ তালুকদাৰ

You might also like