নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ শ্বাহনাৱাজ হুছেইনৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তক কৰায়ত্ব

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: আজি পুৱতি নিশা চলোৱা এক অভিযানত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলীৰ অঞ্চলৰ পৰা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইনৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত এগৰাকী মূল অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। ধৃত জহিৰুল ইছলামৰ জিলাখনৰ ঘৰ বিলাসীপাৰাৰ সমীপৰ বাঙালীপাৰাত বুলি প্ৰকাশ। উল্লেখ্য যে, বিগত বৰ্ষৰ ২২ ডিচেম্বৰ দিনা বিলাসীপাৰাৰ সমীপৰ গৌৰাং নগৰস্থিত আদালতৰ পৰা নিজ গৃহলৈ যোৱাৰ সময়ত দূৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইন। আক্ৰমণৰ সেই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ দোষীক কৰায়ত্ব কৰাৰ দাৱীত আন্দোলনমুখী হৈ পৰিছিল সংগঠনটোৱে। অৱশেষত গোপন তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত ধুবুৰী আৰক্ষীৰ দলে সিদিনাৰ সেই ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত আজি পুৱতি নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হয় ইছলামক।

You might also like