নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰত যোৱা নিশা দুই বজাত  সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে তিনিজন লোক নিহত হয় ৷ নিহত কেইজন হ’ল  গুৱাহাটী ফটাশিলৰ বাবন হালৈ, ধীৰেনপাৰাৰ গৌতম বনিক আৰু নগাৱৰ সুৱল দাস ৷ ঘটনা অনুসৰি উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 01 BH 9714 নম্বৰৰ ছুইফ ডিজায়াৰখনে সোণাপুৰ  নাজিৰাখাটত পথৰ কাষত ৰখাই থোৱা ট্ৰাকৰ পিছফালে প্ৰচন্দ জোৰে খুন্দা মাৰে ৷ ফলত বাহনখনত থকা তিনি আৰোহী থিতাতে নিহত হয় ৷ ঘটনাস্হলিত সোণাপুৰ যানবাহন আৰক্ষী উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ আনে ৷

 

উল্লেখ্য যে  সোণাপুৰ থানাৰ অন্তৰ্গত 37 নং ৰাষ্ট্ৰীয় পথৰ  নাজিৰাখাট,  পাটৰকুচি, যোগদল, বাৰোৱাৰী,  কপালকাটা, চামতা আৰু লালমাটি অঞ্চলত অবৈধ ট্ৰাক পাৰ্কিৰ ফলতে দৌনিক এনে পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ মৃত্যু হৈছে ৷  এই অবৈধ ট্ৰাক পাৰ্কিংৰ ক্ষেএত সোণাপুৰ যান বাহন আৰক্ষীয়ে কোনো ব্যৱস্হা গ্ৰহন নকৰাৰ অভিযোগ কৰিছে সচেতন মহলে ৷
প্ৰেৰক ৰমেশ দাস সোণাপুৰ 
You might also like