নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত পুখুৰীত মাছৰ বদলি ওলাইছে বটলে বটলে সুৰা

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ সোণাৰিৰ ৰজাপুখুৰী অঞ্চলত আজি এটা পুখুৰীত মাছৰ বদলি উদ্ধাৰ হয় বটলে বটলে সুৰা । ঘটনাটোৱে অলপ সময়ৰ বাবে সকলোৰ মাজত কৌতূহলৰ সৃষ্টি কৰে যদিও পাছত ঘটনাৰ উৰ ওলাই পৰে । ঘটনাৰ বিৱৰণী মতে চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰীত আজি পুৱাই স্থানীয় পদুমী বৰুৱা নামৰ মহিলা গৰাকীয়ে তেওঁৰ বাৰীৰ পাছফালে থকা পুখুৰীত কেইবাটাও সুৰাৰ বটল উদ্ধাৰ হোৱা বুলি ৰাইজক জনায় ।সেই মৰ্মে ঘটনস্থলীত সোণাৰি আৰক্ষীৰ দল এটা উপস্থিত হৈ
পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে কাৰ্টুনে কাৰ্টুনে বিলাতী সুৰাৰ বটল । আজি অৱকাৰীৰ দল এটাই অভিযান চলাব পাৰে বুলি সন্দেহ কৰি মহিলা গৰাকীয়েই নিজে বাচিবলৈ এটা পুখুৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল লুকুৱাই ৰখা বুলি গোপন সূত্ৰে জানিব পাৰি আৰক্ষীৰ দলে পুখুৰীত সন্ধান চলাই প্ৰায় ২০০ টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । পুখুৰীটোৰ মাজ ভাগত আৰু সুৰাৰ বটল থকাৰ সন্দেহ কৰি আৰক্ষীয়ে তদন্ত চলাই আছে । সুৰাৰ বটল খিনি সুৰা বেপাৰী পদুমী বৰুৱাৰ বুলি আৰক্ষীয়ে নিশ্চিত হৈ মহিলা গৰাকীক আটক কৰিছে । ৰজাপুখুৰীত থকা চৰাইদেউ জিলা চিকিৎসালয়ৰ কাষতে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল মহিলা গৰাকীয়ে । একে অভিযোগত বিতৰ্কিত মহিলা গৰাকী পূৰ্বেও এবাৰ ৰঙা ঘৰৰ আলহী হৈছিল। ইফালে ঘটনাটো প্রত্যক্ষ কৰিবলৈ কৌতূহল জনতাই ঘটনাস্থলীত ভিৰ কৰা পৰিলক্ষিত হয় ।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like