নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰসংশনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ চৰাইদেউ জিলাৰ সোণাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত তথা সোণাৰি নগৰৰ মাজমজিয়াত থকা সোণাৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়খনে আজি লোৱা এক প্ৰশংসনীয় পদক্ষেপক সকলোৱে শলাগ লৈছে । পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে বাহিৰ কৰে এক সজাগতা মূলক পদযাত্ৰা। কণ-কণ ছাত্ৰ ছাত্ৰীসকলে হাতত বিভিন্ন প্লে কাৰ্ড লৈ এই সমদল বাহিৰ কৰে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত বাহিৰ কৰা সমদলৰ উদ্দেশ্য হ’ল বিদ্যালয় আধাতে ত্যাগ কৰা ছাত্ৰ ছাত্ৰীক পুনৰ বিদ্যালয়লৈ উভতাই অনা । ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড হাতত লৈ “আহ ঐ আহ বিদ্যালয়লৈ আহ ” , “আমাৰ বিদ্যালয়ত বিনামূলীয়া উনিফৰ্ম দিয়া হয় “, “আমাৰ বিদ্যালয়ত বিনামূলীয়া মধ্যাহ্ন ভোজন দিয়া হয় ” , ” আমাক বিনামূলীয়া জোতা,মোজা, বেগ, কিতাপ-পত্ৰ আদি দিয়া হয় ” আদি শ্লগান দি সমগ্র সোণাৰি নগৰ পৰিভ্ৰমণ কৰি আধাতে বিদ্যালয় ত্যাগ কৰে ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ আহিবলৈ আহ্বান জনায় । এই সজাগতা মূলক সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

প্ৰেৰক :- দীপাংকৰ পাল।

You might also like