নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত মণ্ডল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ সংবাদমেল

 

নিয়মীয়া বাৰ্তা ৩ মাৰ্চ: লখিমপুৰ জিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তগত সোণাৰি চাপৰি গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস গ্‌হ আৱন্তনৰ ক্ষেত্ৰত দুৰ্ণীতি অনিয়ম সংঘটিত হৈ থকা বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰাৰ পিছৰে পৰাই শাসকীয় দলৰ নেতা পালি নেতাৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়েও অভিযোগ কাৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই সমাজক বিভ্ৰান্তি কৰা বুলি আজি সংবাদ মেল যোগে জানিবলৈ দিয়ে লখিমপুৰ জিলাৰ যুৱ কংগ্ৰেছৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক কেশৱ কুমাৰ নাথে ৷ সোণাৰি চাপৰি জনজাতি জিৰণি ঘৰত অনুস্থিত সোণাৰি চাপৰি মণ্ডল কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গিৰিণ গগৈয়ে আত ধৰা সংবাদ মেল সম্বোধন কৰি সম্পাদক গৰাকীয়ে সোণাৰি চাপৰি গাওঁ পঞ্চায়তৰ অধিনত প্ৰধানমন্ত্ৰী আৱাস গ্‌হ আৱন্তনৰ ক্ষেত্ৰত ৪০ শতাংশ দুৰ্ণীতি হোৱা বুলি পুণৰ দাবী কৰি এই ক্ষেত্ৰত স্বানীয় বিধায়ক নব কুমাৰ দলে, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি গৰাকীকো ন্যায়িক তদন্তৰো দাবী জনায় ৷ অন্যহাতেদি পঞ্চায়তৰ সচিব গৰাকীয়ে বিচৰা তথ্য প্ৰদানৰ ক্ষেত্ৰতো দুৰ্ণীতিৰ আশ্ৰয় লোৱা বুলিও সংবাদমেলৰ জৰিয়তে সদৰি কৰি সত্যক ঢাকিবলৈ অপপ্ৰচাৰ চলাই সমাজক বিপথে পৰিচালিত নকৰিবলৈকো আহ্বান জনাই ৷ সংবাদমেলত সোণাৰি চাপৰি মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ পেগুৰ লগতে বহু কেইগৰাকী জেষ্ঠ কংগ্ৰেছীও উপস্থিত থাকে ৷
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like