নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদানি–হিণ্ডেনবার্গ ইছ্যুত বিশেষজ্ঞ কমিটী গঠন ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ: আদানি ইছ্যুত বিৰোধীৰ দাবীক গুৰুত্ব সহকাৰে লৈছে উচ্চতম ন্যায়ালয়ে৷ ধনকুবেৰ আদানিয়ে কোনোধৰণৰ অনিয়মৰ জৰিয়তে শ্বেয়াৰ বজাৰত নিজৰ সম্পদৰ সাম্রাজ্যক বৃদ্ধি কৰিছিল নেকি, হিণ্ডেনবার্গ ৰিছার্চৰ প্রতিবেদনত সত্যতা আছে নে নাই এই সকলো পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ বাবে বিশেষজ্ঞ কমিটী গঠনৰ সিদ্ধান্ত ল’লে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ সৈতে সমস্ত ঘটনা সন্দর্ভত বজাৰ নিয়ন্ত্রক সংস্থা ‘ছেবি’ক দুমাহৰ ভিতৰত প্রতিবেদন দাখিল কৰাৰ নির্দেশ দিলে শীর্ষ আদালতখনে৷ উল্লেখনীয় যে আজি শীর্ষ আদালতখনৰ প্রাক্তন ন্যায়াধীশ এ এম ছাপ্রেৰ নেতৃত্বত ৬জনীয়া সদস্যৰ বিশেষজ্ঞ কমিটী গঠনৰ নির্দেশ দিছে দেশৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্রচূড় নেতৃত্বাধীন ৩জনীয়া বিচাৰপীঠে৷

You might also like