নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ ১ নং বৰপতীয়াত বিদ্যুৎ বিভাগৰ মৰণফান্দ; সামান্য বতাহ বলিলেই ব্যাহত হয় বিদ্যুৎ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ  ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ১নং বৰপতীয়া গাওঁৰ উজনি খণ্ডত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে মৰণফান্দ পতাৰ অভিযোগ তুলিছে গাঁও বাসীয়ে ৷ ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ অধিনত গাঁওখনৰ মাজেৰে পাৰহৈ যোৱা ১১হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ সমুহ গছ লতাই আবৰি ধৰাৰ পিছতো বিভাগীয় কত্‌পক্ষই চাফা নকৰাত সঘনাই তাঁৰ সমুহ চিগি বিদ্যুৎ যোগান ব্যাহত হোৱাৰ লগতে ভগা চিগা খুটাৰে অ পৰিকল্পিতভাৱে এল ডি বিদ্যুৎ সংযোগী ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰ সমুহ টেঞ্চফৰমাৰ পৰা সংযোগ কৰাত সমস্যাৰ স্‌ষ্টি কৰিছে ৷

বিশেষকৈ ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ সমুহ ঠায়েঠায়ে গছৰ ফেৰেঙনিৰে সৰবৰাহ কৰাৰ উপৰিও ঠায়েঠায়ে ঘৰৰ চালত, বাৰীৰ তামোল গছত লাগি থকা অৱস্থাত আনকি নেমুটেঙা গছৰ তলেৰেও তাঁৰসমুহ সংযোগ কৰাত মৰণত শৰণ দি জীৱন নিৰ্বাহ কৰিব লগা হৈছে গাঁও বাসীয়ে ৷ ফলত গাঁওখনত সঘনাই বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ উপৰিও বতাহ বৰষুণত তাঁৰ সমুহ চিগি থাকিলেও বিভাগীয় কৰ্মচাৰীয়ে জোৰা দিবলৈ নাযায় বুলিও অভিযোগ তুলিছে বিদ্যুৎ উপভোক্তা সকলে ৷ বিভাগীয় কৰ্মচাৰীৰ পৰিৱতে গাঁওখনৰ বিদ্যুৎ উপভোক্তা সকলে নিজেই নিজৰ নিৰাপত্তাৰ বাবে বাঁহৰ খুটা পুটি সম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে যদিও যি কোনো মুহুততে ভয়াবহ ঘটনা সংঘটিত হোৱাৰ প্ৰৱল সম্ভাৱনা থকা আনকি সকলে তিতা কাপোৰ মেলিব পৰা অৱস্থাত থকা তাঁৰ সমুহ নিৰাপদ স্বানলৈ স্বানান্তৰিত কৰাৰো দাবী জনাইছে ৷ তদুপৰি গাঁওখনত বিদ্যুৎ পৰিবাহী তাঁৰ চিগি থাকিলেও বিভাগীয় লাইনমেন উপস্থিত নোহোৱাত বিদ্যুৎ উপভোক্তাই গাঠিৰ ধন ভাগি স্বানীয় ব্যক্তিৰ জৰিয়তে মেৰামতি কৰোৱাব লাগে বুলিও বিস্ফোৰক মন্তব্য কৰি এই ক্ষেত্ৰত মহকুমা প্ৰশাসনক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈকো দাবী জনাইছে ভুক্তভোগী উপভোক্তাৰ লগতে সাধাৰণ ৰাইজে ৷ অন্যথাই গাঁওখনত সংঘটিত হব লগা যিকোনো ঘটনাৰ বাবে বিদ্যুৎ বিভাগেই জগৰীয়া হব বুলিও সক্ৰিয়াই দি গাঁওখনত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰো দাবী জনাইছে গাঁওবাসীয়ে ৷

ৰাজেশ বুঢ়াগোহাঞি

You might also like