নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰী-বজালীৰ বিভিন্ন অঞ্চল প্লাৱিতঃ বৰপেটাৰ বানবিধ্বস্ত ৰাইজৰ কাষত অগপ নেতা ধৰ্মেশ্বৰ ৰয় 

নিয়মীয়া বাৰ্তা,২০ মে’: বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ কৃষক সকলৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল ইৰি খেতি আৰু পুখুৰীত মাছ পালন। পিছে বছৰটোৰ প্ৰথমটো বানে কৃষকৰ সমুলি অাশা নি:শেষ কৰি পেলাইছে। জানিব পৰা মতে সমষ্টিখনৰ মাজেৰে প্ৰৱাহিত কালদীয়া আৰু টিহু নদীৰ মথাউৰি ছিগি সম্প্ৰতি কাৱৈমাৰী ৰিজাৰ্ভৰ লগতে নেউলাৰ ভিঠা,ৰামপুৰ,কাৰাকুচি,পাৰাহকুচি, কাচকুৰি অাদি বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। তদুপৰি বজালী জিলাৰ দক্ষিণ প্ৰান্তৰ প্ৰায় কুড়িখনকৈ গাঁৱ ইতিমধ্যে বানপানীৰ কবলত পৰি সাধাৰণ জনতাই হাহাকাৰ কৰাৰ লগতে খাদ্যৰ সংকটত হাজাৰ হাজাৰ পশুধন খাদ্যৰ অভাৱত ভূগিছে। তদুপৰি পানীৰ তলত শ শ বিঘা ইৰি খেতি, শ-শ পুখুৰী বন্যাৰ কবলত পৰাত কৃষক সকলৰ মাজত এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে।

সম্প্ৰতি এনে পৰিস্থিতিত কালি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতা তথা জনদৰদী যুৱ নেতা ধৰ্মেশ্বৰ ৰয়ে ক্ৰমে ভৱানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু, সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিদিপ কোঁৱৰ আৰু বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰবিলাশ দাসক লগত লৈ সৰুক্ষেত্ৰী সমষ্টি আৰু বজালী জিলাৰ দক্ষিণ প্ৰান্তৰ বানাক্ৰান্ত অঞ্চল সমূহ নাওৰে পৰিদৰ্শন কৰে। অাৰু তেওঁলোকে দৰিদ্ৰ বানক্ৰান্ত ৰাইজৰ লৰা-ছোৱালীৰ মাজত কিছু লঘূ খাদ্য বিতৰণ কৰে। উল্লেখ্য যে, চক্ৰ বিষয়া ত্ৰিদিপ কোঁৱৰ, অগপৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে ৰাইজক অতি সোনকালেই বন্যাক্ৰান্ত অঞ্চলৰ ৰাইজৰ মাজত চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

You might also like