নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনৱ ধৰণে বিবাহৰ ১০ বছৰ উদযাপন জুকাৰবাৰ্গ-পত্নীৰ, চাওঁ আহক কি কৰিলে

বিশেষ বাৰ্তা, ২০ মেঃ ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ আৰু প্ৰিচিলা চানৰ বিবাহৰ এটা দশক সম্পূৰ্ণ হ’ল। বিবাহৰ এটা দশক উদযাপন কৰিবলৈ তেওঁলোকে অভিনৱ পন্থা অৱলম্বন কৰে। বিয়াৰ সময়ৰ এটা দৃশ্য পুনৰাবৃত্তি ঘটাইছে এই দম্পতিয়ে। তেওঁ ফেচবুকত শ্বেয়াৰ কৰা ফটোখনত দেখা গৈছে যে ১০ বছৰ আগৰ আজিৰ দিনটোতে যি প্ৰেম-ভালপোৱাৰে দম্পতীয়ে ইজনে-সিজনৰ হাতত ধৰি হাঁহিভৰা মুখেৰে যেনে পৰিৱেশত ফটো উঠিছিল, সেই একেধৰণেই সাজি-কাচি ফটোত প’জ দিছে আজিও। ‘বিয়াৰ দহ বছৰ সম্পূৰ্ণ, আৰু আধা জীৱন একেলগে পাৰ কৰিবলৈ বাকী।’ বহু দুঃসাহসিক অভিযান কৰিবলৈ বাকী আছেই বুলিও ক’লে জুকাৰবাৰ্গে। ৩৮ বছৰীয়া বিলিয়নাৰ উদ্যোগীগৰাকীয়ে কমেণ্টত নিজৰ বিয়াৰ এলবামৰ পৰা একেধৰণৰ ফটোখন প্ৰকাশ কৰিছে।

তেওঁ লিখিছে, “আৰু, ১০ বছৰ আগৰ আমাৰ বিয়াখনৰ একেখন ফটো।” মাৰ্ক জুকাৰবাৰ্গ আৰু প্ৰিচিলা চানে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত লগ পাইছিল আৰু ২০০৩ চনৰ পৰা প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। ২০১২ চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হৈছিল তেওঁলোক। বিবাহৰ দশম বাৰ্ষিকী উদযাপন কৰা ফেচবুক পোষ্টটো লগে লগে ভাইৰেল হৈ পৰিছে আৰু দম্পতীলৈ শুভেচ্ছাবাণীৰ সোঁত বৈছে। ২০১৫ চনৰ ডিচেম্বৰত জুকাৰবাৰ্গে তেওঁলোকৰ প্ৰথম কন্যা মেক্সিমা চান জুকাৰবাৰ্গৰ জন্মৰ কথা জনাইছিল। ২০১৭ চনৰ আগষ্টত দম্পতীয়ে আদৰণি জনায় দ্বিতীয় কন্যা “আগষ্ট”ক।

You might also like