নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখলেৰে নাওবৈচাৰ ইছলামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বাহানাজ পাৰবীনে

নিয়মীয়া বাৰ্তা, ৭ জুনঃ আজি ঘোষণা কৰা হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান দখলেৰে ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাৰ বানবিধ্বস্ত নাওবৈচাৰ ইছলামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰী শ্বাহানাজ পাৰবীনে।১৯৩৫ চনত স্থাপিত ঐতিহ্যমণ্ডিত দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ছাত্ৰী শ্বাহানাজ পাৰবীনে আজি ঘোষণা কৰা হ ফলাফলত অসমৰ ভিতৰতেই তৃতীয় স্থান দখলেৰে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত স্বাভাৱিকতে অঞ্চলটোলৈ আনন্দৰ ঢল নামি আহিছে।। ২ নং সোণাপুৰ গাঁৱৰ প্ৰয়াত আবু শ্বহিদ আৰু খুদেজা জামানৰ সুযোগ্যা কন্যা শ্বাহানাজ পাৰবীনে অতি কষ্টৰে পঢ়ি এই সাফল্য লাভ কৰে। দহবছৰৰ পূৰ্বে পিতৃক মৃত্যু হোৱাত পৰিয়ালটোলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ। কিন্ত সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি মাক খুদেজা জামানে দেউতাৰ অভাৱ অকণো অনুভৱ কৰিবলৈ নিদি তীব্ৰ আৰ্থিক সংকটৰ মাজতো কন্যা শ্বাহানাজক অধ্যয়ণ কৰাৰ ক্ষেত্ৰতত আগবঢ়াই নিছিল। অতি নম্র অমায়িক শ্বাহানাজ পাৰবীনে অসমীয়া সাহিত্যৰ বিভিন্ন উপন্যাস পঢ়ি ভাল পাই। ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হৈ সমাজৰ দৰিদ্ৰ লোকক সহায় কৰা সপোন পুহি ৰক্ষা শ্বাহানাজে এই সফলতাৰ আঁৰত মাকৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ কষ্ট ত্যাগৰ কথা স্বীকাৰ কৰে। শ্বাহানাজ পাৰবীনে অসমীয়া(এ এইছ এম)ত ৪৯, ফিকাহ এণ্ড আকাইদত ৪৯ ,ইংৰাজীত ৯০,গণিতত ১০০,বিজ্ঞানত ৯৪,সমাজ বিজ্ঞানত ৯১,আৰবী সাহিত্যত ৯১সহ মুঠ ৫৪৯ নম্বৰ পাই তৃতীয় স্থান দখল কৰে। ছাহনাজ পাৰবিনৰ আজিৰ এই সফলতাই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে যে নিজ একান্ত ইচ্ছা আৰু আগ্ৰহ থাকিলে আৰ্থিক দৈন্যতা কেতিয়াও সফলতাৰ বাবে হেঙাৰ হ’ব নোৱাৰে। শ্বাহানাজ পাৰবীনৰ এই সাফল্যত অঞ্চলটোৰ বিভিন্ন দল সংগঠনে ছাত্ৰী গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে। লগতে বিদ্যালয়ৰ অধ্যক্ষ চাহাবুদ্দিন আহমেদ,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মামুন ইক্রামূল হক চৌধুৰীয়ে ছাত্ৰী গৰাকী লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী সকলকো আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক- নিতুল বৰা

You might also like