নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য

ডিজিটেল ডেস্ক, ১২ জুলাই : ৰাজ্যত আজি (১২ জুলাই) দুপৰীয়া ভাগত এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। দিনৰ ১২.০২ বজাত অনুভূত হোৱা এই মৃদু ভূমিকম্পৰ জোকাৰণিয়ে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্ত জোকাৰি যায়।

ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.১। ইয়াৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰ অঞ্চল।

অৱশ্যে এই ভূঁইকঁপৰ ফলত ৰাজ্যৰ ক’তো কোনোধৰণৰ ক্ষয়-ক্ষতি বা হতাহত হোৱাৰ খবৰ বৰ্তমানলৈকে পোৱা হোৱা নাই। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উচ্চ ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱা হেতুকে এনে মৃদু জোকাৰণিয়েও সৰ্বসাধাৰণ ৰাইজৰ মাজত সততে উদ্বেগৰ সৃষ্টি কৰে।

You might also like