নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফ্ছপা বাতিলৰ দাবীত ৯ ডিচেম্বৰত উত্তৰ পূবত নেছ’ৰ আন্দোলন

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ নাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সেনাবাহিনীয়ে নিৰীহ খিলঞ্জীয়া জনসাধাৰণক বর্বৰভাৱে হত্যা কৰাৰ প্রতিবাদত আৰু উত্তৰ–পূর্বাঞ্চলৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফ্ছপা) বাতিল কৰাৰ দাবীত উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)–এ ৯ ডিচেম্বৰত উত্তৰ–পূর্বাঞ্চলজুৰি আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছে৷

উত্তৰ–পূর্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানীত এই আন্দোলনৰ কার্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ নেছ’ৰ অংশীদাৰ খাচি ছাত্র সন্থা, সদৌ অসম ছাত্র সন্থা, নগা ছাত্র ফেডাৰেচন, সদৌ অৰুণাচল প্রদেশ ছাত্র সন্থা, সদৌ মণিপুৰ ছাত্র সন্থা, গাৰো ছাত্র সন্থা, ত্রিপুৰা ছাত্র ফেডাৰেচন, মিজো জিৰলাই পল (মিজো ছাত্র সন্থা)–এ জনসাধাৰণৰ সহযোগত সাতোখন ৰাজ্যৰ ৰাজধানী চহৰত ৯ ডিচেম্বৰত এই প্রতিবাদ সাব্যস্ত কৰিব৷

উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)ৰ অধ্যক্ষ চেমুৱেল জেৰৱা, সম্পাদকপ্রধান চিনাম প্রকাশ আৰু উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– মন জিলাৰ অ’টিং বা নাগালেণ্ডৰ জনসাধাৰণ অকলশৰীয়া নহয়৷ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ মন জিলাৰ অ’টিঙত তথা নাগালেণ্ডৰ জনসাধাৰণৰ লগত বলিষ্ঠভাৱে ঐক্যবদ্ধ হৈ আছে আৰু একেলগে দৃঢ়তাৰে আগুৱাই যাব৷ নিৰাপত্তাৰক্ষীৰ জঘন্য হত্যাকাণ্ডত উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ ম্রিয়মাণ, মর্মাহত৷

নাগালেণ্ডত খিলঞ্জীয়া মানুহৰ ওপৰত আক্রমণ মানেই উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্রতি আক্রমণ বুলি নেছ’ই গণ্য কৰে৷ কেন্দ্রীয় চৰকাৰে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰি সমগ্র উত্তৰ–পূর্বাঞ্চলত শান্তি প্রতিষ্ঠাৰ বিষয়ত আন্তৰিকতা প্রদর্শন কৰক৷ এই আইনখন বাতিল নকৰিলে উত্তৰ–পূর্বাঞ্চলত কেন্দ্রীয় চৰকাৰৰ শান্তি প্রতিষ্ঠাত আন্তৰিকতাহীনতা পুনৰ প্রমাণ হ’ব আৰু সামৰিক শক্তিৰে উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণক দমন কৰি কণ্ঠ ৰোধ কৰাৰ হাবিয়াসৰ কথা প্রতিষ্ঠা হ’ব৷

You might also like