নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেঁপাহৰ ভোগালী শীৰ্ষক গীত উন্মোচন

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ মৰিয়নিৰ এন আই প্ৰডাকচনৰ বেনাৰত মৰিয়নিৰ কেবাজনো শিল্পীয়ে কণ্ঠদান কৰা ‘হেপাঁ‌হৰ ভোগালী’ শীৰ্ষক এটি নতুন গীতৰ আজি মুকলি কৰা হয় । মৰিয়নিৰ কিংশুক ভৱনত এই উপলক্ষ্যে অনুষ্ঠিত এক চমু অনুষ্ঠানত শিক্ষাবিদ, কবি, গীতিকাৰ নেকিবুল ইছলাম, মৰিয়নিৰ সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱা, বিশিষ্ট শিল্পী তৰুণ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া, সাংস্কৃতিক কৰ্মী ধৰ্মেন্দ্ৰ চেতিয়া, প্ৰশান্ত দাস, প্ৰৱক্তা মাধুৰ্য মিলি, ৰাজীৱ ভূঞা, যোগেন্দ্ৰ নাথ, মুন নায়ক, মুকিব জামাল আহমেদ, মইনা গগৈ, দীপাংকৰ বাৰুৱতী, উদীয়মান শিল্পী মনদ্বীপ মাজুলী আদি উপস্থিত থাকি গীতটি উন্মোচন কৰে । নেকিবুল ইছলামে গীতটিৰ প্ৰসংগত বক্তব্য প্ৰদান কৰাৰ লগতে সকলোৱে গীতটি আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, গীতিকাৰ, কবি,সাহিত্যিক নেকিবুল ইছলামে ৰচনা কৰা গীতটিৰ সুৰ আৰু সংগীত বিশিষ্ট শিল্পী তৰুণ শইকীয়াৰ । উদীয়মান শিল্পী মনদ্বীপ মাজুলীয়ে সংগীত ব্যৱস্থাপনা কৰা গীতটি মৰিয়নিৰ ৰিডম ষ্টুডিঅ’ত বাণীবদ্ধ কৰা হৈছে । গীতটিত বিশিষ্ট শিল্পী তৰুণ শইকীয়া, উদীয়মান কণ্ঠশিল্পী প্ৰিয়াংকী হাজৰিকা, বিতু বিৰাজ কলিতা, সাগৰিকা ডেকা, প্ৰস্তুতি হাজৰিকা আৰু শৰৎ চিকুয়ে কণ্ঠদান কৰিছে । ইয়াৰ এটা ভিডিঅ’ প্ৰস্তুত কৰা হৈছে । গীতটিৰ লগতে গীতটিৰ ভিডিঅ’য়ো মুকলি কৰা হয় । ৰঞ্জিত গোহাঁইবৰুৱাই গীতটিৰ প্ৰয়োজনীয় দৃশ্যাৱলী সংগ্ৰহ কৰি মনোগ্ৰাহী ৰূপত পৰিবেশন কৰিছে । ইতিমধ্যে গীতটি ইউ টিউবত উপলব্ধ হৈছে বুলি জানিবলৈ দিছে ।

You might also like