নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলঙৰ অভাৱত খানামুখ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী আহিব লাগে ৰাষ্ট্রীয় ঘাইপথৰেঃ খানাজানত দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত তৎকালে এখন দলং নিৰ্মাণৰ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । এইখিনিতে উল্লেখযোগ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ গুৱাহাটী পৌৰ এলেকাৰ এক নং ৱাৰ্ডৰ খানামুখ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ কেহেৰুবাৰীৰ মাজত এখন ডাঙৰ নহলেও কমেও লঘু বাহন চলাচল কৰিব পৰা দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে । বিশেষকৈ ফুকনৰ পাৰত থকা খানামুখ প্ৰাথমিক বিদ্যালয়ত অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে । তেনেদৰে বিদ্যালয়ৰ খেলপথাৰ খনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ । তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ । কিন্ত দলঙৰ অভাৱত কেহেৰুবাৰী অঞ্চলৰ কণ কণ শিক্ষাৰ্থী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদসংকুলভাবে মৰণত শৰণ লৈ ঘুৰি অহা যোৱা কৰিব লগা হয় ।

আনকি বিগত সময়চোৱাত তেনেকৈ অহা যোৱা কৰা শিক্ষাৰ্থী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে । তেনেদৰে একমাত্ৰ খেলপথাৰখন ফুকনৰপাৰত থকা বাবে কণ কণ শিশুকে ধৰি চেমনীয়া সকলৰো খেলা ধূলাত ব্যাঘাট জন্মাৰ লগতে তেওঁলোকৰ অনুশীলনো ব্যাহত হৈছে । অঞ্চলটোৰ ৰাইজে খৰালীৰ সময়ত কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মধ্যবৰ্তী স্থান হিচাপে পৰিচিত কেহেৰুবাৰীৰ ২ বা ৩ নং উপপথৰ সন্মুখত বাঁহৰে সাঁকো বা সৰু দলং নিৰ্মাণ কৰি আহিছে যাতে খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ লগতে থকা খেলপথাৰত খেলুৱৈ সকলে ক্ৰীড়াৰ অনুশীলন কৰিব যাব পাৰে । কিন্ত মে বা জুন মাহত বাৰিষা অহাৰ লগে লগে সেই বাঁহৰ সাঁকো বা সৰু দলং পুনৰ অস্তিত্বহীন হৈ পৰে । যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে একমাত্ৰ শিক্ষানুষ্ঠান খানামুখ প্ৰাথমিক বিদ্যালয় , খেলপথাৰ আৰু শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰত অহা যোৱাৰ সুবিধাৰ বাবে কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মাজত খানাজানৰ ওপৰত লঘু বাহন হলেও চলাচল কৰিব পৰা দলং নিৰ্মাণ কৰিবলৈ অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগক দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দাবী জনাইছে ।

অৱশ্যে শেহতীয়াভাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ – ছাত্ৰীৰ লগতে খেলপথাৰ আৰু শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰলৈ অহা সকলোৰে সুবিধাৰ বাবে দলং নিৰ্মাণ কৰা হব বুলি আশ্বাস প্ৰদান কৰিছে । আনকি লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী পথ সংমণ্ডলৰ দায়িত্ববাহী অভিযন্তাক এই সন্দৰ্ভত জৰীপ চলায় দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া দাবী বা সমস্যাৰ সমাধান হোৱাৰ লগতে যাতায়ত ব্যৱস্থাও সুচল হৈ পৰিব বুলি অঞ্চলটোৰ সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘৰ কৰ্মকর্তা সকলে সদৰি কৰিছে ।

You might also like