নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকৰাত সবাহ মহোৎসৱত পূৰ্ণাংগ ৰূপত পৰিবেশন নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ নাট ‘মাক আৰু মৰম’

 

 

নিয়মীয়া বাৰ্তা,৫ মাৰ্চ::- কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত হেকৰাত শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰী শ্ৰী বৈৰাগী মহাপ্ৰভূ আশ্ৰিত হেকৰা গাওঁ সবাহ মহোৎসৱ।সবাহ মহোৎসৱ উপলক্ষে শনিবাৰে পুৱাৰে পৰা ভড়াল স্থাপন,নামঘৰৰ চৌদিশে ভাগৱত প্ৰদক্ষিন,বন্তি প্ৰজ্বলন,ভাগৱত পাঠ,আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা,নিমন্ত্ৰিত ৰাইজৰ সিধাদি বিতৰণ,আমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন লগতে নিশা স্থানীয় যুৱক যুৱতী সকলৰ নাট্য প্ৰতিভা বিকাশৰ উদ্দেশ্যক সৰগত কৰি,নৱপ্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে হেকৰা বিষ্ণুজ্যোতি নাট্যগোষ্ঠীৰ দ্বাৰা যশষ্যী নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ শ্ৰেষ্ঠ নাট “মাক আৰু মৰম” হেকৰাৰ সমাজকৰ্মী বিশ্বনাথ পাটোৱাৰীৰ পৰিচালনা আৰু বিষ্ণুজ্যোতি নাট্য গোষ্ঠী হেকৰাৰ সভাপতি নিৰঞ্জন ঠাকুৰীয়া আৰু সম্পাদক বনমালী কলিতা আৰু প্ৰদীপ কলিতাৰ সহযোগত মঞ্চস্থ কৰা হয়।উল্লেখ্য যে এই নাটখনত পুৰুষৰ চৰিত্ৰত অভিনয় কৰিছে স্থানীয় যুৱক নৱ বিশ্বাস,নীলমনি বৈশ্য,বাবুল কলিতা,বসন্ত কলিতা,বিপুল কলিতা,গৌতম পাঠক,নিগমানন্দ ঠাকুৰীয়া,দিপু কলিতা,কৃষ্ণ কলিতা,চন্দ্ৰ কলিতাই।লগতে মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে কংকনা কলিতা,ৰিজুষ্মিতা কলিতা আৰু পৰিষ্মিতা কলিতাই।একেদৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা হোমযজ্ঞ ও নাম প্ৰসংঙ্গ,অভ্যৰ্থনা অনুষ্ঠান,প্ৰসাদ বিতৰন আৰু বৰপেটাৰ হাউলীৰ মৈৰামাৰা চতুৰ্ভূজ বীৰ নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হব।অহাকাইলৈ অৰ্থাৎ ৬ মাৰ্চ সোমবাৰে ভড়াল সম্বৰণ,আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন,সম্বৰ্ধনা অনুষ্ঠান আৰু হেকৰা গাওঁৰ সমূহ ৰাইজৰ গোপিনীৰ লগতে আমন্ত্ৰিত অতিথিৰ প্ৰীতিভোজৰে সবাহ সমাপন হব।সবাহ মহোৎসৱৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰান ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

প্ৰেৰক – ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like