নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত নিখিল বড়ো কৃষ্টি সন্মিলনৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ ১৪ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন

 

 

নিয়মীয়া বাৰ্তা ; ৫ মাৰ্চ – বড়ো জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ স্বাৰ্থত কাম কৰি অহা জাতীয় সংগঠন নিখিল বড়ো কৃষ্টি সন্মিলন ওৰফে দুলাৰায় বড়ো হাৰিমু আফাডৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ ১৪ সংখ্যক বৰ্ষৰ বাৰ্ষিক অধিবেশন খন আজি সমাপন হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰা অধিবেশনৰ কাৰ্য্যসুচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন কৰে দুলাৰায় বড়ো হাৰিমু আফাডৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি নিৰণ খাখলাৰীয়ে। জাতীয় সংগঠনটোৰ উপ সভাপতি হৰেশ্বৰ বসুমতাৰী ; সম্পাদক লোহিত বড়োৰ তৎপৰতাত আয়োজন কৰা অধিবেশনৰ কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছতে ষ্মৃতি তৰ্পণ কৰি সাধাৰণ সভা অনুষ্ঠিত হয়। নিৰণ খাখলাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাত শোক সভা ; সম্পাদকীয় প্ৰতিবেদনকে ধৰি সভাৰ কাৰ্য্যসুচী ৰূপায়ণ কৰাৰ পিছত বিষয় বাচনি সভা অনুষ্ঠিত হয়। দিনৰ ভাগত হোৱা বিষয় বাচনি সভাৰ জৰিয়তে আগন্তুক তিনি বছৰৰ বাবে সভাপতি ৰণজিৎ দৈমাৰী আৰু হেমন্ত কুমাৰ বড়োক সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে কেৱাজনো বিষয় ববীয়া মনোনীত কৰি গঠন কৰা হয় দক্ষিণ কামৰূপ জিলা নিখিল বড়ো কৃষ্টি সন্মিলন পৰিচালনা সমিতি খন। ইফালে দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা। নিৰণ খাখলাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন এবছুৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ বড়ো কৃষ্টি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যোগেশ্বৰ ব্ৰহ্ম ; নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক বিষ্ণু বসুমতাৰী ; বিশিষ্ট অতিথি নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি চানচৌৰাং বসুমতাৰী ; সন্মানীয় অতিথি হিচাপে বড়ো – কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ দশৰথ বড়ো ; অসম চৰকাৰৰ সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়ো ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ আদিত্য ৰাভা ; পলাশবাৰী আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি সন্তোষ বসুমতাৰী আৰু বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ৰমিলা দৈমাৰী ; পক্ষেশ্বৰ বড়োকে ধৰি বহু কেইজন বড়ো জাতীয় সংগঠনৰ নেতৃবৃন্দ। অধিবেশনৰ মুকলি সভাত দুলাৰায় বড়ো হাৰিমু আফাড ওৰফে সদৌ বড়ো কৃষ্টি সন্মিলনৰ কাৰ্য্যক্ৰমণিকা তথা সমস্যা সমাধানৰ ওপৰত আলোকপাত কৰে আৰু স্বকীয় কৃষ্টি সংস্কৃতি সমুহ বিধি ব্যৱস্থাৰে উপস্থাপন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like