নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত উৎকোচ লৈ নিলম্বিত সহকাৰী উপ পৰিদৰ্শক

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰ: উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হ’ল হোজাইৰ ডবকা আৰক্ষী চকীত কৰ্মৰত সহকাৰী উপ পৰিদৰ্শক হৰিকমল দাস৷ হোজাই আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাবে নিলম্বন কৰি ৰিজাৰ্ভ ক্লজ কৰে হৰিকমল দাসক৷ লগতে উৎকোচ প্ৰদান কৰা মিঠুন চক্ৰবৰ্তীকো আটক কৰি জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে৷

ঘটনা সংক্ৰান্তত আৰক্ষী অধীক্ষকে এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে৷তদন্তৰ পিছতে পোহৰলৈ আহিব প্ৰকৃত ঘটনা৷ উল্লেখ্য যে ডবকা থানাত কৰ্মৰত সহকাৰী উপ পৰিদৰ্শক হৰিকমল দাসে উৎকোচ লোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া৷ সহকাৰী উপ পৰিদৰ্শক হৰিকমল দাসে মিঠুন চক্ৰবৰ্তী নামৰ এজন লোকৰ পৰা ২০০০ টকা সংগ্ৰহ কৰা এটা ভিডিঅ ভাইৰেল হৈছিল৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এই ঘটনাৰ তদন্ত চলাই আছে৷ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য৷ ধন লোৱাৰ ভিডিঅ প্ৰায় দুমাহৰ পুৰ্বৰ বুলি তদন্তত পোহৰলৈ আহিছে৷

ইফালে এখন দুৰ্ঘটনাগ্ৰস্থ ই-ৰিক্সা মোকলাই দিয়াৰ নামত হৰিকমল দাসক মিঠুন চক্ৰবৰ্তীৰ জৰিয়তে ই-ৰিক্সা চালকে এই ধন প্ৰদান কৰিছিল । যদিও ভিডিঅ ভাইৰেল হোৱাৰ পিছত ই-ৰিক্সা চালকজনে আকৌ সেই অভিযোগ অস্বীকাৰ কৰিছে৷ মিঠুন দাস নামৰ থানাৰ দালালজনে ই-ৰিক্সা চালকৰ পৰা আৰক্ষীৰ নামত সংগ্ৰহ কৰিছিল ধন আৰু সেই ধন হৰিকমল দাসক দিছিল৷ ভিডিঅ ভাইৰেল হোৱাৰ পিছত সকলোৱে এই অভিযোগ অস্বীকাৰ কৰিছে যদিও ভাইৰেল ভিডিঅত উৎকোচ গ্ৰহণ কৰা কথাকেই প্ৰমানিত হয়৷ ইতিমধ্যে হৰিকমল দাসক উৎকোচ দিয়া মিঠুন দাসক আৰক্ষীয়ে আটক কৰি থানাত জেৰা চলাই আছে৷ সহকাৰী উপ পৰিদর্শক হৰিকমল দাসকো নিলম্বন কৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জেৰা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে মিঠুন দাসে নিজে হৰিকমল দাসক ধন দিয়াৰ দৃশ্য মোবাইলত বন্দী কৰিছিল৷ উক্ত ভিডিঅৰ দ্বাৰা আৰক্ষীক ব্লেকমেইলিং কৰি বিভিন্ন গোচৰত নিজৰ স্বাৰ্থ আদায় কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে৷সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে সচেতন মহলে৷

You might also like