নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমসহ উত্তৰ-পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি, অভিকেন্দ্ৰ চুবুৰীয়া ম্যানমাৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অসমসহ উত্তৰ-পূৱৰ কেবাখনো ৰাজ্যত পুনৰ আজি পুৱা এটা উচ্চ আৰু তাৰ দুঘণ্টামান পাছত দুটা নিম্ন প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । অৱশ্যে আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰৰ বহু ভিতৰত হোৱা বাবে অসমত বিশেষ একো হানি – বিঘিনী নহ’ল ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ভাৰতীয় মান সময় অনুসৰি পুৱা ৫ বাজি ১৫ মিনিট আৰু ৩৮ চেকেণ্ডত প্ৰায় ১১ চেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৬.১ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা ম্যানমাৰৰ ভিতৰত উত্তৰ-পূৱ দিশত ৩৫ কিঃমিঃ গভীৰতাত। অৱশ্যে অভিকেন্দ্ৰ অসমৰ পৰা বহু দূৰত হোৱা বাবে ভূমিকম্পৰ ফলত কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই ।

You might also like