নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ ফেব্ৰুৱাৰীত বকো সাহিত্য সভাৰ উদ্যোগত তথ্যচিত্ৰ “অপৰাজিতা পূৰ্ণিমা”

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী – অসম সাহিত্য সভাৰ শতদল শাখা সাহিত্য সভা হিচাপে সন্মান অৰ্জন কৰা বকো সাহিত্য সভাৰ উদ্যোগত অহা ২৬ ফেব্ৰুৱাৰীত তথ্যচিত্ৰ ” অপৰাজিতা পূৰ্ণিমা আৰু বকো সাহিত্য সভাৰ বাৰ্ষিক মূখপত্ৰ বকো জ্যোতি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হ’ব। বকো সাহিত্য সভাৰ সভানেত্ৰী বিজয়া ডেকা আৰু সাধাৰণ সম্পাদক জনাৰ্দন বড়োই জনোৱা মতে ; বকো সাহিত্য সভাৰ জৰিয়তে প্ৰস্তূত কৰা বিশেষ ভাৱে সক্ষম তথা কিংবদন্তি শিল্পী ; কবি পূৰ্ণিমা পালৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ অপৰাজিতা পূৰ্ণিমা আৰু সাহিত্য সভাৰ বাৰ্ষিক মূখপত্ৰ বকো জ্যোতি উন্মোচন কৰা হ’ব। বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: গণেশ্বৰ চহৰীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিবলৈ প্ৰস্তূত কৰা কাৰ্য্যক্ৰমণিকা অনুসৰি সমবেত সংগীত পৰিবেশনৰ পিছতে বিশিষ্ট কবি সাহিত্যিক তথা পথাৰ কবি ৰাম গগৈ বঁটা প্ৰাপক বিৰিঞ্চি কুমাৰ ৰাভাৰ দ্বাৰা বকো সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ বকো জ্যোতি উন্মোচন কৰা হ’ব। ইফালে নিপুণ হস্ত চিত্ৰ শিল্পী পূৰ্ণিমা পালৰ সৃষ্টি ৰাজিৰ সমল সান্নিবিষ্ট তথ্যচিত্ৰ অপৰাজিতা পূৰ্ণিমা উন্মোচন কৰিব বিশিষ্ট সাংবাদিক ; সাহিত্যিক তথা ভাৰত চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক দিলীপ শৰ্মাই। অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কোচ সাহিত্য সভাৰ সভাপতি তথা কাব্যপ্ৰাণ বঁটা প্ৰাপক ; কবি সাহিত্যিক নিৰ্মল কোচ ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা সহ বহু কেইজন বিশিষ্ট অতিথি। আনহাতে বকো সাহিত্য সভাৰ পত্ৰিকা সম্পাদক পবিত্ৰ কৈৱৰ্তই জনোৱা মতে তথ্যচিত্ৰ খন নিৰ্মাণ কৰি উলিওৱাত আগভাগ লোৱা শিল্পী প্ৰবীন ৰাভা ; প্ৰহ্লাদ বড়ো ; মনোজ দাস আৰু সুৰেণ চন্দ্ৰ কলিতাৰ প্ৰচেষ্টা শলাগ লৱ লগীয়া। অনুস্থানসুচী ৰূপায়ণ কৰাত সকলোৰে সহায় সহযোগিতা কামণা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like