নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাক লৈ জামুগুৰিহাটত ব্যস্ততাঃ পোচাক তৈয়াৰত ব্যস্ত শিল্পী

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনালৈ মাজত মাত্ৰ ৯ টা দিন বাকী৷ভাৰতৰ একক বৃহৎ সামাজিক-সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাওনাক লৈ জামুগুৰীয়া ৰাইজ প্ৰত্যেকেই নিজ নিজ দায়িত্ব আৰু কামত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ ভাওনা শিল্পীসকলো পোচাক তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে৷জামুগুৰিহাটৰে পাতলৰচুক গাঁৱৰ ভাওনা শিল্পী জ্যোতিপ্ৰসাদ শইকীয়া(বাবা)ও ব্যস্ত হৈ পৰিছে ভাওনাত ভাৱৰীয়াসকলে পৰিধান কৰিব লগীয়া পোচাক তৈয়াৰ কৰা কামত৷বাৰেচহৰীয়া ভাওনাৰ  মুঠ ২১ খন খলাত অনুষ্ঠিত হ’বলগা ১০ খন খলাৰ ভাওনাৰ প্ৰায় ২ শতাধিক ভাৱৰীয়াই পৰিধান কৰিব লগীয়া পোচাক তৈয়াৰ কৰাত বিগত ডেৰমাহ ধৰি ১০ গৰাকীৰো অধিক মহিলাক লৈ পোচাকসমুহ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এইগৰাকী ভাওনা শিল্পী৷শিল্পী জ্যোতিপ্ৰসাদ শইকীয়াই দায়িত্ব লোৱা ১০ খলাত অনুষ্ঠিত হ’বলগা ভাওনাত মুনিৰপৰা দেৱতা,মনুষ্যৰপৰা অসুৰ আদি চৰিত্ৰৰ পোচাকসমুহ তৈয়াৰ কৰি বাৰেচহৰীয়া ভাওনাৰ পূৰ্ৱেই ভাঁৱৰীয়াসকলৰ হাতত তুলি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে শিল্পীগৰাকীয়ে৷যাৰবাবে দিনে নিশাই পোচাক তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ভাওনা শিল্পীগৰাকী৷ উল্লেখ্য যে অহা ৬ মাৰ্চৰপৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব লগা বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ ৭ আৰু ৮ মাৰ্চত মুঠ ২১ খন খলাত ৪২ খন ভাওনা একেলগে অনুষ্ঠিত হ’ব৷

 

হিৰণ্য বৰা৷ জামুগুৰিহাট৷
You might also like