নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ নং সোণাৰি চাপৰি অংগণবাদী কেন্দ্ৰত বিশ্ব মাতৃ দুগ্ধ পাণ সপ্তাহৰ কাৰ্যসূচী পালন

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত প্ৰহিলা আগষ্টৰ পৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে বিশ্ব স্তনপান সপ্তাহৰ সজাগতা সভা । ইয়াৰ অংশ হিচাপে আজি ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ২ নং সোণাৰি চাপৰি অঙ্গণবাদী কেন্দ্ৰত মাত্‌ দুগ্ধ পানৰ সজাগতা সভাৰ লগতে অঙ্গণবাদী কেন্দ্ৰ সমুহৰ কৰ্মী সহায়িকা সকলৰ জৰিয়তে সজাগতামূলক সমদলো বাহিৰ কৰে ৷

বিশেষকৈ নতুনকৈ মাতৃত্ব লাভ কৰা মহিলা সকলে সঠিক আৰু শুদ্ধ পদ্ধতিৰে তেওঁ লোকৰ নৱজাতক সন্তানটোক স্তন পাণ কৰাইছেনে নাই এই সমূহ বিষয়ত প্ৰসুতি সকলক সজাগ কৰাবলৈ এই বিশ্ব স্তনপান সপ্তাহৰ কাৰ্যসূচী সমূহ গ্ৰহণ কৰা হৈছে । ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সোণাৰি চাপৰি চক্ৰৰ অন্তগত মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা অনান্য কাৰ্যসূচীৰ লগতে শিশু সকলৰ পুষ্টিহীনতা প্ৰতিৰোধৰ উদেশ্যেও এই স্তন্যপাণ সপ্তাহ কাৰ্যসূচীত আলোকপাত কৰা হয়। ৰাওনাবাৰী অঙ্গণবাদী কেন্দ্ৰৰ কৰ্মী বিনিতা বৰগোহাঞি সভাপতিত্বত অনুস্থিত মাত্‌ দুগ্ধ পান সজাগতা সভাত মুখ্য সেবিকা প্ৰিয়ংকা গোহাঁই, আশা কৰ্মী আৰু অঙ্গণবাদী কেন্দ্ৰ সমুহৰ কৰ্মী সহায়িকা সকলৰ উপৰিও অদ্ধশতাধিক প্ৰসূতি মাত্‌, গৰ্ভাৱতী মহিলা আৰু কণ কণ শিশু কিশোৰ কিশোৰীও উপস্থিত থাকে ৷

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like