নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ ভিত্তিত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ নেতা কৰ্মীসকলে প্ৰতিবাদী সমদল উলিয়াব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধাপ্ৰদান কৰাত কংগ্ৰেছ কৰ্মীসকল ক্ষুন্ন হৈ পৰে ৷ মূল্যবৃদ্ধি, ভয়ংকৰ নিবনুৱা সমস্যা, অসমৰ বান – সাহাৰ্য্যক লৈ ৰাজনীতি আৰু অত্যাবশ্যকীয় সামগ্ৰীক জি এছ টি আৰোপৰ বিৰুদ্ধে কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, কংগ্ৰেছ জিন্দাবাদ ,পুলিচ ৰাজ নচলিব আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ নেতৃত্বত কংগ্ৰেছ নেতা কৰ্মী সকলে মূল্যবৃদ্ধি ,ভয়ংকৰ নিবনুৱা সমস্যা, বান -সাহাৰ্য্যক লৈ ৰাজনীতি নকৰিবলৈ চৰকাৰক সতৰ্ক কৰি দিয়ে ৷

You might also like