নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ হাজাৰ টকা ঘোচ লৈ হাতে লোটে ধৰা পৰিল আবকাৰী বিভাগৰ কনিষ্টবল

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: ৰাজ্যৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত পুনৰ  ভিজিলেঞ্চ আৰু এন্টি কৰাপচনৰ জালত পৰিল ওদালগুৰিৰ এগৰাকী আবকাৰী বিভাগৰ কনিষ্টবল। ওদালগুৰি চহৰৰ এখন বাৰৰ পৰা নগদ ৪০ হাজাৰ টকা ঘোচ লৈ হাতে লোটে ধৰা পৰিল আবকাৰী বিভাগৰ কনিষ্টবল তৰুণ বসুমতাৰী। প্ৰাপ্ত তথ্য মতে, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰা অসমৰ ভিজিলেঞ্চ এন এন্টি কৰাপচন, সঞ্চালকালয়ৰ এটি দলে গোপনসূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত পূৰ্বৰ পৰাই ওদালগুৰিত বাহৰ পাতি আছিল। যেতিয়াই ওদালগুৰি আবকাৰী বিভাগৰ কনিষ্টবল তৰুণ বসুমতাৰীয়ে এগৰাকী লোকৰ পৰা আবকাৰী সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন নকৰাকৈ মীমাংসা কৰি দিয়াৰ বিনিময়ত দাবী কৰা  চল্লিশ হাজাৰ টকা উত্কোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। এই সংকান্তত ভিজিলেঞ্চ এণ্ড এন্টি কৰাপচন, অসমে ধৃত লোকজনৰ সোধা পোছা কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত আবকাৰী কনিষ্টবল গৰাকীৰ ঘৰ ওদালগুৰিৰ পুৰণি গৰৈবাৰীত বুলি জানিব পৰা গৈছে।

প্ৰেৰকঃ ৰাম উপাধ্যায়, ওদালগুৰি।

You might also like