নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৫ সংখ্যাক ডেকাৰগাঁও ৰাসোৎসবৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ:  গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভগৱান শ্ৰীকৃষ্ণৰ কেলি গোপাল নাটৰ আধাৰিত ৰাসোৎসবৰ বাবে ডেকাৰগাঁও উষা নাট্য মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে ৭ আৰু ৮ নৱেম্বৰত ডেকাৰগাঁও ৯৫ সংখ্যাক ৰাসোৎসব উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। ১৯২৭ চনত এই ৰাসোৎসব আৰম্ভ হৈছিল। চোৱাগছৰ খুটাৰে সজা মণ্ডপত এই ৰাস আৰম্ভ কৰাৰ এবছৰ পাছত অস্থায়ী মঞ্চ সাজি ৰাস মহোৎসৱ উদযাপন কৰাৰ লগতে উষা নাট্য মন্দিৰ প্ৰতিষ্ঠা লাভ কৰে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত ডেকাৰগাঁও উষা নাট্য মন্দিৰত ৰাস অনুষ্ঠিত কৰি আহিছে। ৬২’ চনত এই ৰাস অনুষ্ঠিত হোৱা নাছিল। তেজপুৰ বাণ থিয়েটাৰৰ সম সাময়িক বুলি উল্লেখ কৰি ডেকাৰগাঁও উষা নাট্য মন্দিৰ সত্ৰীয়া সংস্কৃতিৰ কঠিয়াতলী আৰু ঐক্য সংহতিৰ কেন্দ্ৰস্থল। আৰম্ভণি পৰা বহু গায়ন-বায়ন এই মঞ্চৰে সৃষ্টি। আনকি জ্যোতি প্ৰসাদ আগৰৱালাৰ জয়মতী বোলছবিতো ডেকাৰগাঁও উষা নাট্য সমাজে স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ডেকাৰগাঁও ৰাসৰ শংখচূড়ৰ ভাও দিয়া ভানু বৰাৰ অভিনয় ৰূপকোঁৱৰে প্ৰত্যক্ষ কৰি এটি নৃত্যত বৰাক সুবিধা প্ৰদান কৰিছিল। ইপিনে বৰাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নৃত্যৰ তালিম দিছিল। অনৈক্যৰ মাজত ঐক্যৰ চানেকি দাঙি ধৰা ডেকাৰগাঁও উষা নাট্য মন্দিৰৰ ৰাসত ছিপাঝাৰৰ লতিফউদ্দিন আহমেদ নামৰ ব্যক্তিজনে কংসৰ ভাও দিয়াৰ ওপৰিও তেজপুৰৰ নিজামুদ্দিনে মঞ্চ সজ্জাত দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি সম্প্ৰতিৰ নিৰ্দেশন দাঙি ধৰিছিল। কাৰীকৰি দিশতো পাকৈত আছিল। সেই সময়ত বিজুলী পোহৰৰ ব্যৱস্থা নাছিল গতিকে শ্ৰী কৃষ্ণৰ মুখমণ্ডলত ৰঙীন কাগজৰে পোহৰ পেলাই কাৰীকৰি কৌশলৰ সূচনা কৰে। সেই ধাৰা আজিও বিৰাজমান। সময়ৰ লগে লগে নতুন সৃষ্টিৰ সমাহাৰ ঘটে আৰু এই সমুহ স্হানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হৈ আহিছে।

 

উল্লেখ্য যে এই ৰাসোৎসবত ১৯৭৪ৰ পূৰ্বে পুৰুষে মহিলাৰ ভাও দি আহিছিল যদিও ৭৪’ৰ পৰা প্ৰথম ছোৱালীয়ে অংশ গ্ৰহন কৰে আৰু ৰাধাৰ ভাওত বনশ্ৰী বৰাই প্ৰথম নৃত্য কৰিছিল ।পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি আজিও ৰাজহুৱা হজ কৰি সকলো কাম আগুৱাই নিয়ে। ইয়াৰ ব্যতিক্ৰম নহল এইবেলিও। ৰাসলৈ মাজত কেইটামান দিন বাকী, সকলো ব্যস্ত মঞ্চ সজ্জাকে ধৰি অন্যান্য সাজ সজ্জাত। আয়োজক সমিতিয়ে জানিব দিয়া অনুসৰি ৭ নৱেম্বৰ পুৱা ৫ বজাত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰাৰ পাছত প্ৰাতঃ প্ৰসংগ – খোলবাদন, ৮ বজাত ধৰ্মধ্বজা উত্তোলন, নাম প্ৰসংগ, বিয়লিৰ প্ৰসংগ সন্ধ্যা খোলৰ জোৰা আৰম্ভ আৰু নিশা ৯ বজাত বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ পৰা শিশু লীলা পৰ্যন্ত নৃত্য নাটিকা অন্তত মহাৰাস প্ৰদৰ্শন কৰা হব। একেদৰে দ্বিতীয় নিশাও পৰম্পৰা গত কাৰ্যসূচীৰ পাছত নিশা নৃত্য নাটিকা আৰু মহাৰাস অনুষ্ঠিত হব। মূখ্য পৰিচালক নয়ন জ্যোতি বৰাই জানিব দিয়া মতে সম্প্ৰতি ৰাধাৰ ভাওত দহ গৰাকী, শ্ৰী কৃষ্ণৰ ভাওত এঘাৰ গৰাকী আৰু শংখচূড়ৰ ভাওত ৮ গৰাকীয়ে অখৰা কৰি আছে আৰু ইয়াৰ পৰাই প্ৰথম নিশাৰ বাবে এগৰাকীকৈ নিৰ্বাচিত কৰিব। দ্বিতীয় নিশা অসীম হাজৰিকা শ্ৰী কৃষ্ণৰ ভাওত আৰু প্ৰীয়ম দাস শংখচূড়ৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে শৈলেন্দ্ৰ শইকীয়াই সুত্ৰধাৰী নৃত্য পৰিৱেশন কৰিব বুলি কয়।
You might also like