নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত বালি মাফিয়াৰ দপদপনি: পৰিবহন আইনক অংগুষ্ঠ প্ৰদৰ্শন বন মাফিয়াৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ গোলাঘাট বন বিভাগ আৰু পৰিবহন বিভাগৰ চুড়ান্ত গাফিলতি অথবা মিতিৰালিৰ বাবে জিলাখনত বন মাফিয়া হৈ পৰিছে উঠি ৰজা বহি ৰজা স্বৰূপ। বৰ্তমান সময়ত গোলাঘাট নগৰৰ মাজেদিয়েই নথি পত্ৰ বিহীন ভাৱে দৈনিক শ শ ট্ৰাকত বালি সৰবৰাহ কৰি আহিছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত জিলা বন প্ৰাধিকাৰী সহিতে সকলো বিষয়া । বিভাগটোৰ ডেকা উপাধিৰ এজন বন কৰ্মাচাৰীৰ সৈতে বন মাফিয়াৰ মিতিৰালি কৰি দৈনিক শ শ ট্ৰাক বালি ৰাজহ বিহীন ভাৱেই চলি আছে। এই ডেকা উপাধিৰ বিষয়া জনৰ লগতে বন প্ৰাধিকাৰীয়ে বন মাফিয়াৰ পৰা এক বৃহৎ পৰিমাণৰ অংকৰ বিনিময়ত অবাধ বালি খনন আৰু ৰাজহ বিহীন ভাৱে বালি সৰবৰাহ চলি আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। অংক নিমিলিলেই অভিযান চলাই বালিৰ ট্ৰাক জব্দ কৰি বছৰ বছৰ ধৰি পেলাই থোৱা এই গৰাকী বিষয়াই এতিয়া বনজ সম্পদ ধ্বংসৰ খলনায়ক। সৰ্বসাধাৰণ লোকক জোৰ জুলুম কৰা গোলাঘাট বন বিষয়া গৰাকীয়ে আজি পৰ্যন্ত কিয় বন মাফিয়াৰ বিৰূদ্ধে থিয় হ’ব পৰা নাই সেই বিষয়টোৱেই উদঙাই দিছে বন বিষয়া গৰাকীৰ প্ৰকৃত স্বৰূপ। মুখ্যমন্ত্ৰীৰ কথাটো কোনো কেৰেপ নকৰা গোলাঘাট বন প্ৰাধিকাৰী গৰাকী সম্প্ৰতি গোলাঘাট জিলাৰ বন ধ্বংস যজ্ঞৰ পুৰুহিত হৈ কাম কৰি আহিছে বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে। আজি গোলাঘাট নগৰৰ মাজ মজিয়াতে দেখা গ’ল এনে এক ছবি যি ছবিয়ে গোলাঘাট বন বিভাগ আৰু পৰিবহন বিভাগটোৰ প্ৰকৃত চৰিত্ৰ ৰাইজৰ আগত উদঙাই দিছে। এখন অভাৰলোড বালি ভৰ্তি ট্ৰাক নগৰৰ বেজবৰুৱা চাৰিআলি ট্ৰেফিক কণ্ট্ৰলৰ সমীপত দেখা যায় । এই দৃশ্যই পৰিবহণ বিভাগটোৱে কি কৰিছে আৰু সন্মুখত থকা আৰক্ষীয়ে যে গ্ৰীণ পাছ দিছে তাৰেই প্ৰমাণ দিছে।

প্ৰেৰক – ভৰত দত্ত

You might also like