নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰং-তুলিকা, গীত-মাত-আলাপেৰে মুখৰিত দিখৌমুখ হেল্থ এণ্ড এথেলেটিকছ্ ক্লাৱ

নিয়মীয়া বাৰ্তা,  ১মেঃ তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ ৰং তুলকা, গীত মাত, আলাপেৰে আজি মুখৰিত হৈ পৰে দিখৌমুখ ৷ হেলথ এণ্ড এথলেটিকছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত কৰা সদৌ অসম ক্ৰীড়া চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে “ ক্ৰীড়া, স্বাস্থ্য, শিক্ষা আৰু কেৰিয়াৰ” শীৰ্ষক অন্তৰংগ আলাপত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাজ্যিক কৃতী শিক্ষক তথা শিৱসাগৰৰ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰাই কেৱল বিদ্যায়তনিক দিশৰ ওপৰতেই ছাত্ৰ-ছাত্ৰীক নম্বৰ সংগ্ৰহত ব্যস্ত নাৰাখি মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰিবলৈ সুযোগ দিয়াটো অভিভাৱক সকলৰ দায়িত্ব বুলি উনুকিয়াই৷ শিশুসকলৰ মনত আনন্দ দিব পৰা সুস্থ বিষয়ক যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে ভৱিষ্যত জীৱনৰ লক্ষ্য পুৰনৰ আহিলা হিচাপে লৈ আগবাঢ়ে তেতিয়া সাফল্য প্ৰাপ্তি নিশ্চিত বুলি মন্তব্য কৰে৷ প্ৰসিদ্ধ কুইজ মাষ্টাৰ ব্ৰজেন বৰাই ছাত্ৰী ছাত্ৰীসকলক কয়-“ খেল ধেমালি আৰু অন্যান্য কলা সাহিত্য সংস্কৃতিৰ সাধনা হল গাড়ী এখনৰ স্পেয়াৰ চকাৰ দৰে ৷ কেতিয়া কোন সময়ত বিপদৰ বন্ধু হৈ পৰে ঠিক নাই ,অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া পংকজ বৰঠাকুৰে কয়, “ জীৱনৰ এইমসমূহক যদি গেইমলৈ মনৰ মাজতে ৰূপান্তৰ কৰি লোৱা হয় তেনেহলে ছাত্ৰ ছাত্ৰীসকলে লক্ষ্যপূৰণৰ দিশত আগবাঢ়োতে মনৰ আনন্দ আৰু অধ্যৱসায় লৈ আগবাঢ়িবলৈ সহজ হয় ৷” সাংবাদিক নৱজ্যোতি ওজাইও অংশ গ্ৰহণ কৰা এই অন্তৰংগ আলাপ অনুষ্ঠানতেই সৈনিক স্কুলৰ সৰ্বভাৰতীয় বাচনি পৰীক্ষাত উত্তীৰ্ণ দিখৌমুখৰ শান্তনু দত্ত আৰু ৰাষ্ট্ৰীয় শক্তি উত্তোলনত ছিনিয়ৰ মহিলাৰ শাখাত পঞ্চম স্হান লাভ কৰা হেলথ এণ্ড এথলেটিকছ ক্লাবৰ নিৰ্মালী বৰাকো ব্ৰজেন বৰাই সম্বৰ্ধনা জনায় ৷ আনহাতে চাৰিটা শাখাৰ ক্ৰীড়া চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী জিতু দত্তই ছাত্ৰ ছাত্ৰী সকলক সকলো দিশতে নিয়ম শৃংখলা মানি আগবাঢ়ি যাবলৈ আহ্বান জনায়৷ দিখৌমুখ মিলিত শিল্পী সমাজৰ সাধাৰণ সম্পাদক মনোৰঞ্জন শইকীয়াই বন্তি প্ৰজলনেৰে কাৰ্য্যসূচী আৰম্ভ কৰে৷ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি হীৰেণ দত্ত, মিলিত শিল্পী সমাজৰ সভাপতি হৰেন দত্ত, পৰিবহণ বিষয়া দীপ দত্তইও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৷

ৰাজ্যৰ বাহিৰে ভিতৰে ভাস্কৰ্য আৰু চিত্ৰ শিল্পৰ নীৰৱ সাধনাৰে জীৱনৰ অমূল্য সময় পাৰ কৰা শ্ৰীশ্ৰী আউনীআটী সত্ৰ ভকত তথা বিশিষ্ট শিল্পী বিষ্ণুৰাম শইকীয়াক ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ ক্লাবৰ কোষাধ্যক্ষ ধ্ৰৱজ্যোতি সাধনীদাৰে সম্বৰ্ধনা পত্ৰ পাঠ কৰে ৷ইযাৰ পূৰ্বে পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি সত্যজিৎ শইকীয়াই ৷ ক্লাবৰ কাৰ্য্যকৰী সভাপতি জীৱন দত্ত, উপ সভাপতি ত্ৰিদীপ নন্দন শইকীয়া, সাধাৰণ সম্পাদক মনোজ শইকীয়া, যুটীয়া সম্পাদক ত্ৰিদীপ নিলীম শইকীয়া আৰু ভাস্কৰজ্যোতি দত্ত আদিয়ে আদৰণি অনুষ্ঠান পৰিচালনা কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তি আৰু অতিথিৰ লগতে অংশ লয় বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী আজানুৰ ৰহমানে৷ ফলাফলসমূহ এনেধৰণৰ – “ক” শাখাত প্ৰথম তিনিটা স্হানত ক্ৰমে ঋষিতা শইকীয়া, এমিলি দত্ত, নিলোৎপল শইকীয়া ৷ উদগনি বঁটা লাভ কৰে চৰ্চিতা বড়ো, টানিস্কা সাধনীদাৰ, আদিত্য পাংগিং আৰু শ্ৰেয়া নন্দিনী বড়াই ৷ “খ” শাখাত প্ৰথম তিনিটা স্হান লাভ কৰে ক্ৰমে অনুসূয়া গগৈ, সুমায়া আহমেদ আৰু নিলীম আকাশ দত্তই ৷ উদগনিমূলক বঁটা লাভ কৰে অভিশেষ বৰা, কৃতনম শইকীয়া আৰু শান্তনু মিলিয়ে ৷ “গ” শাখাত প্ৰথম তিনিটা স্হান লাভ কৰে ক্ৰমে প্ৰিয়াংশু পংকজ বৰুৱা, আস্হাজিতা দত্ত আৰু অভিলাষ দাসে৷ উদগনিমূলক বঁটা লাভ কৰে প্ৰিয়াংশু ভৰালী, প্ৰস্ফুটি নেওগ, পূজাশ্ৰী বড়াই৷ “ঘ” শাখাত প্ৰথম দ্বিতীয় তৃতীয় ক্ৰমে ৰিয়া আহমেদ, অৰ্ণৱ বৰুৱা, আৰু ভাৰ্গৱজ্যোতি দত্ত৷ উদগণিমূলক বটা লাভ কৰে শিল্পিকা দত্ত, চন্দোৎপল শইকীয়া, অয়ন দাস আৰু জয়ন্ত টাহুৱে৷ বিজয়ী সকলক নগদ ধনৰ টোপোলা ট্ৰফী আৰু মান পত্ৰ প্ৰদান কৰা হয়৷ ইফালে সকলো অংশগ্ৰহণকাৰীকে মান পত্ৰ প্ৰদান কৰা হয় বটা বিতৰণী অনুস্থানতে৷

– প্ৰণৱ খাটনিয়াৰ, দিখৌমুখ৷

You might also like