নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ফাট বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১১ মেঃ ইতিহাসৰ পাতত সোণালী স্বাক্ষৰ বহন কৰা ঢকুৱাখনা বাসীৰ ঐতিহ্যমণ্ডিত . বাপতিসাহোন ফাট বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে মহঘুলি চাপৰিত ৷ ঢকুৱাখনীয়াৰ আয়ুস ৰেখা চাৰিকড়িয়া নদী পাৰৰ মহঘুলি চাপৰিৰ চিৰ সেউজ পৰিবেশত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা ফাট বিহু উদযাপনৰ স্বায়ী মঞ্চত ১৩ মে’ৰ পৰা তিনিদিনীয়া বণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব লগা ফাট বিহু উদযাপনক লৈ ব্যস্ত হৈ পৰিছে বিহু বলীয়া ঢকুৱাখনীয়াৰ লগতে ফাট বিহু উদযাপন আৰু স্বায়ী সমিতিৰ বিষয়ববীয়া সকলো ৷ টকা বিহু . চেমনীয়া আৰু প্ৰাপ্তবয়স্ক হুঁচৰি বিহু . জেং বিহু বা মুকলি বিহু আৰু ফুলাম গামোচা প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসুচীৰে তিনিদিনীয়াকৈ উদযাপন কৰিব লগা ফাট বিহুৰ লগত সংগতি ৰাখি প্ৰকাশ পাব লগা ফাট বিহুৰ বছেৰেকীয়া প্ৰকাশ “ বিহুৱান’’ প্ৰকাশৰ প্ৰস্তুতিও সম্পূৰ্ণ কৰি তুলিছে ৷ ইয়াৰ সমান্তৰালভাৱে জনপ্ৰিয় অভিনেত্ৰী অম্‌তা গগৈয়ে শুভ উদ্বোধন কৰিব লগা  বিভিন্ন জাতি জনগোষ্ঠীৰ ক্‌ষ্টি প্ৰদশৰ্নৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত কৰি উলিয়াব লগা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তা সকলে ৷ ক’ভিড কালিন পৰিবেশৰ বাবে বিগত বৰ্ষত ফাট বিহু উদযাপন কৰিব নোৱাৰা ঢকুৱাখনীয়াই এইবাৰ দুগুণ উৎসাহেৰে ফাট বিহু উদযাপনৰ বাবে মহঘুলি চাপৰি  নকৈ সজাই পৰাই তুলি সকলো শ্ৰেণীৰ লোকৰে উপস্থিতৰ কামনা কৰিছে ফাট বিহু উদযাপন সমিতি স্বায়ী সমিতিৰ লগতে সমগ্ৰ ঢকুৱাখনীয়া বাসীয়ে ৷

প্ৰেৰকঃ ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like