নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ কৰিয়াৰাত ৰাইজে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ

নিয়মীয়া বাৰ্তা, ২ মে’ :-ৰঙিয়াৰ কৰিয়াৰাত চৰকাৰলৈ বাট নাচায় ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে এটি বিধ্বস্ত পথ । অঞ্চলটোৰ শিশু , মহিলা , পুৰুষ সকলো নামি পৰিল পথ নিৰ্মাণ কাৰ্যত । গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰি ৰাইজে নিৰ্মাণ কৰে এই জৰাজীৰ্ণ পথটো । উল্লেখ্য যে কৰিয়াৰাৰ পৰা উদিয়ানা হৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা এই পথটো দীৰ্ঘদিন ধৰি সম্পূৰ্ণ ৰূপে বিনষ্ট হৈ আছে । যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে । বিশেষকৈ শিশু , বৃদ্ধ , মহিলা সকলে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে । আনকি বিধ্বস্ত পথটোৰে জৰুৰীকালীন সময়ত এম্বুলেঞ্চ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰে । বিভাগীয় কৰ্তৃপক্ষই জৰাজীৰ্ণ এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ কৰে । যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা স্থানীয় ৰাইজে অৱশেষত নিজেই শ্ৰমদান আৰু গাঠিৰ ধন ভাঙি পথটো নিৰ্মাণ কৰে ।

প্ৰেৰক :- ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like