নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ হাহিমত নিশা বনৰীয়া হাতীৰ সন্ত্ৰাস; বহুকেইটা অঞ্চলত চলালে উপদ্ৰৱ

নিয়মীয়া বাৰ্তা সেৱা; ২ মে-:পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ হাহিমৰ লামপাৰা,বাকাৰাপাৰা,শামুকাত সোমবাৰে নিশা এটা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে।বিগত সময়চোৱাত বনৰীয়া হাতীয়ে বকোৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি বহুতৰে ঘৰ দুৱাৰৰ ক্ষতি কৰাৰ লগতে হাতীৰ গচকত বহুতৰে মৃত্যু হৈছে।ইয়াৰ পিছত ও এনেদৰে কেতিয়াবা নিশা বা কেতিয়াবা দিনৰ ভাগত ও খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীৰ জাক ওলাই অহা পৰিলক্ষিত হয়।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সোমবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাৰ পৰা নিশালৈ এটা বনৰীয়া হাতীয়ে হাহিমৰ বাকাৰাপাৰা,লামপাৰা,শামুকাৰ বিভিন্ন অঞ্চলত বহু সময় ধৰি উপদ্ৰৱ চলাই।প্ৰাপ্ত খবৰ অনুসৰি বনৰীয়া হাতীটোৱে হাহিম লামপাৰাৰ আনন্দ ৰাভাৰ ঘৰত উপদ্ৰৱ চলাই ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰে।ইয়াৰ পিছতে হাতীটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে স্থানীয় ৰাইজ ওলাই আহি সন্ধিয়াৰ পৰা পুৱতি নিশালৈ বহু ঘণ্টা সময় চেষ্টা কৰাৰ পিছত পুৱতি নিশা শামুকাৰ কাষৰীয়া বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়।পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিভিন্ন এলেকাত বনৰীয়া হাতীৰ দিনে নিশাই চলা এনে উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া ডিম্পী বৰাক অতিশীৰ্ঘে ব্যৱস্থা গ্ৰহনৰ বাবে অনুৰোধ জনাইছে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like