নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহমৰীয়াৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ ৬দিনৰ অন্তত এজনৰ মৃতদেহ উদ্ধাৰ; আজিও সন্ধানহীন ৩জন

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অৱশেষত ছয় দিনৰ অন্তত চাৰিটা মৃতদেহৰ এটাৰ সন্ধান ওলাল।হয়,ডিব্ৰুগড়ৰ বালিজান ঘাটলৈ আহি থকা অৱস্থাত যোৱা ১৯ জুনৰ পুৱা সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা চাৰিজনৰ ভিতৰত আজি এজনৰ সন্ধান ওলাইছে।ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১৫ কি:মি: নিলগৰ মাইজান ঘাটৰ ঠাকুৰবাঢ়ী মঠলাৰ বাগানৰ কাষত উদ্ধাৰ হয় এটা মৃতদেহ।ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদীত ওপঙি থাকি গলিত অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়।পৰৱৰ্তী সময়ত মৃতদেহটো ৰহমৰীয়া মহমৰা চাপৰিৰ শিৱশংকৰ যাদৱ বুলি চিনাক্ত কৰা হয় যদিও এই পৰ্যন্ত সন্ধান নাই নাওৰ সৈতে উটি যোৱা আন তিনিজনৰ।ধমেন দাস,ঠুংকু কুৰ্মী আৰু কিষণ যাদৱৰ এই পৰ্যন্ত কোনো সন্ধান পোৱা হোৱা নাই।

উল্লেখযোগ্য যে, যোৱা ১৯ জুনত ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পলসভঙা চাপৰিৰ পৰা বালিজান ঘাটলৈ এখন যন্ত্ৰ চালিত নাওঁত খুটিৰ পৰা গাখীৰৰ ড্ৰাম,চাপৰিৰ শাক-পাচলী সহ মুঠ ৯ জন লোকে যাত্ৰা কৰিছিল।যাত্ৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ মাজভাগত অহা প্ৰচণ্ড ঢৌৱে নাওখনত ভালেকেইবাৰ খুন্দা মাৰে।ফলত নাওৰ ভিতৰত পানী সোমাইছিল যদিও সিঁচি দিছিল নাওৰীয়াই।কিন্তু সমান্তৰালকৈ অহা বতাহৰ বাবে এটা ইঞ্জিনযুক্ত সৰু নাওখনে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত বহু দূৰ উটি গৈ নদীৰ বুকুত সোমাই পৰিছিল।কিন্তু ইয়াৰে ইমতিয়াজ আহমেদ,প্ৰদীপ চাহানী,পুতুল মাঝি,চাত্তাৰ আহমেদ আৰু আৰমান আহমেদে প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ সোঁতৰ ধাৰত উপঙি এটা বালি চাপৰিত নিজৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিল আৰু উক্ত বালিচৰৰ পৰা জিঅ’ বেগৰ কাম কৰি থকা সঞ্জীৱ ডাং নামৰ এজন লোকে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এখন নাওৰে উক্ত লোককেইজনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।আনহাতে যোৱা ১৯ জুনৰ পৰা এচডিআৰএফ আৰু এনডিআৰএফৰ কেইবাটাও দলে পৃথকে পৃথকে ব্ৰহ্মপুত্ৰ নদীৰ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা বগীবিল দলঙ পৰ্যন্ত অভিযান চলাই যদিও কোনো সন্ধান লাভ কৰা নাছিল।আজি স্থানীয় মাছমৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ সহায়ত শিৱশংকৰ যাদৱ বুলি চিনাক্ত কৰিবলৈ সক্ষম হয়।এই পৰ্যন্ত আন তিনিজনৰ কোনো সন্ধান নোপোৱাত পৰিয়ালৰ মাজত হাহাকাৰ স্বৃষ্টি হৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like