নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অভিযানঃ গোৰেশ্বৰ-তামুলপুৰত ১০ হাইস্কুল শিক্ষকক আটক

বিটিআৰত হাইস্কুল টেট শিক্ষকৰ বৃহত জালিয়াতি

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্যত টেট শিক্ষকৰ পৰীক্ষাত সংঘটিত হৈছে বৃহত জালিয়াতি।শেহতীয়াভাৱে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুত্তু লাভ কৰা হাইস্কুল টেট শিক্ষকৰ নিযুত্তিয়ে উদঙাইছে টেট শিক্ষকৰ বৃহত জালিয়াতি।

জানিব পৰা মতে টেট শিক্ষক সকলৰ একাংশই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পিছত পুনৰ নম্বৰৰ বাবে পুনৰীক্ষণ কৰাত উত্তীৰ্ণ হৈছিল। বিটিআৰৰ নৱ নিযুক্ত শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশৰ পিছত আৰক্ষী অভিযান। ৫২ গৰাকী টেট শিক্ষকৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ দিছিল বিটিচিৰ শিক্ষা সঞ্চালকালয়ে।

বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিলে সাত গৰাকী টেট শিক্ষকক। তামুলপুৰতো তিনি টেট শিক্ষকক আটক সোধপোচৰ বাবে।টেট উৰ্ত্তীৰ্ণ ভুৱা প্ৰমাণ পত্ৰ, ভুৱা বিএড ডিগ্ৰীৰে শিক্ষক নিযুক্তিৰ অভিযোগ। বাক্সা আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল বিটিচিৰ শিক্ষা সঞ্চালকালয়ে বিটিআৰত টেটৰ নৱ নিযুক্ত ৫২ গৰাকী শিক্ষকৰ।

গোৰেশ্বৰতো জালিয়তিৰে টেটৰ চাকৰি লোৱাৰ অভিযুক্ত আটক শিক্ষক সকল হ’ল ৰাজীৱ কুমাৰ ডেকা, ১ নং গোৰেশ্বৰ, কৃষ্ণা বড়ো পূব নাওকাটা, মীৰা দৈমাৰী, হালংবাৰী, ৰীতা স্বৰ্গীয়াৰী, বালাবাৰী, জৌংচাৰী ব্ৰহ্ম, জানপাৰা, ৰংপী দৈমাৰী, হলংবাৰী, মন্দিৰা বড়ো ,বালাবাৰী আনহাতে তামুলপুৰত আৰক্ষীয়ে আটক কৰা সকল হ’ল-ভবানী বড়ো, দেউলকুছি, মেঘালী স্বাৰ্গীয়াৰী, নিজ কাউৰবাহা আৰু অনিতা বড়ো, খন্দিকৰ।

ইতিমধ্যে আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাৰ গোচৰত আটক কৰা বাবে আটকাধীন শিক্ষকসকলক অধিক তথ্য আহৰণৰ বাবে গুৱাহাটীৰ অপৰাধ অনুসন্ধান বিভাগলৈ প্ৰেৰণ কৰে।

You might also like