নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাওঁ বিধান সভাৰ উপনিৰ্বাচনৰ বাবে মহকুমা প্ৰশাসনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা  ২৮ অক্টোবৰ: ৰাজ্যৰ বিধান সভাৰ উপ নিৰ্বাচনৰ বাবে মাজত মাথো এটা দিন বাকী থকা অৱস্থাত গোসাঁইগাওঁ মহকুমা প্ৰশাসনে ইতিমধ্যে ২৮ নং গোসাঁইগাওঁ বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিচাইডিং আৰু পলিং বিষয়াক সকলৰ প্ৰশিক্ষন সমাপ্ত হৈছে ৷

আনহাতে উপনিৰ্বাচনত গোসাঁইগাওঁ বিধান সভা সমষ্টিটোত সৰ্বমুঠ ২,৯০,৬৪০ গৰাকী ভোটাৰে মতদান কৰিব। ইয়াৰে ভিতৰত ৯৭,৬৭২ গৰাকী পুৰুষ, ৯২,৯৬৬ গৰাকী মহিলা আৰু ২ গৰাকী উভয়লিঙ্গৰ ভোটাৰ ৷ মুঠ ২৮৫ টা ভোট কেন্দ্ৰৰ ভিতৰত ২২ টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ২০ টা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা বুলি গোসাঁইগাওঁ জিলা নিৰ্বাচনী নডেল বিষয়া গৌতম প্ৰিয়ম মহন্তই জানিবলৈ দিয়ে ৷

৩০ অক্টোৱৰত অনুষ্ঠিত হবলগীয়া ভোট গ্ৰহণৰ বাবে ৩৫৭ গৰাকী প্ৰিচাইডিং আৰু ১০৭১ পলিং বিষয়াক নিয়োগ কৰি নিৰ্বৰচনী সুকলমে অনুষ্ঠিত কৰাৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ৷ ইতিমধ্যে ভোট গ্ৰহণৰ দিনটোত নিৰাপত্তাৰ বাবে নিয়োজিত কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰীক বাহিনীৰ কেইবাটাও কম্পানী নিয়োগ কৰিছে ৷ আজি নিৰ্বাচনী প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰাৰ বাবে গোসাঁইগাৱঁত আৰক্ষীৰ এ ডি জি পি এল আৰ বিষ্ণয় উপস্থিত হয় আৰু গোসাঁইগাওঁ আৰক্ষী থানাত বিভিন্ন ছয় টা জন আৰু ২৮ টা চেক্টৰৰ ভোট গ্ৰহণৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় ৷

You might also like