নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ মার্চত মনোনয়ন দিব ড০ হিমন্ত বিশ্ব শর্মাই

জালুকবাৰীৰ পঞ্চায়তে পঞ্চায়তে প্রস্তুতি

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ জালুকবাৰী সমষ্টিৰ অপ্রতিৰোধ্য বিধায়ক তথা জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১৯ মার্চত মনোনয়ন–পত্র দাখিল কৰিব৷ সমষ্টিটোৰ দলীয় সূত্রৰ পৰা জানিব পৰা মতে, অসমৰ ৰাজনৈতিক ইতিহাসত এক নজিৰ সৃষ্টি কৰি বিশাল সমর্থকৰ উপস্থিতিৰ মাজেৰে শোভাযাত্রা কৰি মৰমৰ বিধায়কগৰাকীয়ে বিজেপি মিত্রজোঁটৰ মনোনীত প্রার্থী হিচাপে গুৱাহাটী মহানগৰৰ নির্বাচনী বিষয়াৰ হাতত মনোনয়ন–পত্র দাখিল কৰিব৷ সমর্থকসকল সোণাৰাম খেলপথাৰ তথা ভূতনাথত সমৱেত হৈ পিছত শোভাযাত্রাৰে কাছাৰীলৈ যাব৷ ইতিমধ্যে জালুকবাৰী সমষ্টিৰ বিজেপিৰ বেজেৰা মণ্ডলৰ ৭খন পঞ্চায়ত আৰু শুৱালকুছি মণ্ডলৰ আঠখন পঞ্চায়তৰ মুখ্য নির্বাচনী কার্যালয়সমূহত ১৯ মার্চত মন্ত্রী ড০ শর্মাৰ মনোনয়নক লৈ ব্যাপক প্রস্তুতি চলাই থকা হৈছে৷ উল্লেখ্য যে মানুহ অনাৰ বাবে একোটা পঞ্চায়তত কমেও ১৫/২০খনকৈ বাছ যোগানৰ ব্যৱস্থা কৰা হৈছে৷

You might also like