নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীজানত দুটাকৈ হলৌ বান্দৰ উদ্ধাৰ; আৰক্ষীৰ জালত মণিপুৰৰ ২সৰবৰাহকাৰী 

  • গোপনে সৰবৰাহৰে চোৰাংকৈ বিক্ৰীৰ ষড়যন্ত্ৰঃ
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: আজি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে অভিযান চলাই দুটা হলৌ বান্দৰ উদ্ধাৰ কৰাৰ লগতে মণিপুৰৰ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক জীতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী চলাই থকা অৱস্থাত দিনৰ প্ৰায় ২ বজাত ডিমাপুৰৰ দিশৰ পৰা আহি থকা এএছ-০১-পিচি-২৯১৭ নম্বৰৰ ছয়চকীয়া ট্ৰাকখনত তালাচী চলাই ট্ৰাকখনৰ ভিতৰৰ পৰা দুটা জীৱন্ত হলৌ বান্দৰ উদ্ধাৰ কৰে। দুজন সৰবৰাহকাৰীয়ে মণিপুৰৰ পৰা বন্যপ্ৰাণীকেইটা গোপনে সৰবৰাহ কৰি বিক্ৰীৰ বাবে আনিছিল বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ ইম্ফল জিলাৰ ক্ৰমে থাংজাম খুনৌ গাঁৱৰ মহম্মদ ৱাৰিছ আৰু পাতলৌ গাঁৱৰ নাওবা মেটেই নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা দুটাকৈ হলৌ বান্দৰ, বন্যপ্ৰাণী সৰবৰাহকাৰী বাহনৰ লগতে দুয়োটা ধৃত সৰবৰাহকাৰীক লাহৰীজান আৰক্ষীয়ে বন বিভাগৰ পূৰ্ব সংমণ্ডলৰ মাঞ্জা ৰেঞ্জৰ সহকাৰী বন সংৰক্ষকক চমজাই দিয়ে।
  প্ৰাণদ্বীপ চেতিয়া 
You might also like