নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহৰ দোকান দি স্বাৱলম্বী স্বপ্না দাস

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: মহিলা সবলীকৰণ আৰু দেশ উন্নয়নত মহিলাই যাতে পুৰুষৰ লগত সমানে সমানে আগভাগ ল’ব পাৰে, তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ সময়তে আগমনিৰ এগৰাকী দৰিদ্র ঘৰৰ মহিলাই আদর্শ দাঙি ধৰিছে৷ পুৰুষৰ লগত সমানে সমানে খোজ মিলাই ধুবুৰী জিলাৰ আগমনিৰ এগৰাকী মহিলা পঞ্চায়ত প্রতিনিধিয়ে চাহৰ দোকান দি সংসাৰ চলোৱাই নহয়, আন মহিলাৰ বাবে আদর্শ হৈ পৰিছে৷ দুটাকৈ সন্তানৰ মাতৃ তথা আগমনি গাঁও পঞ্চায়তৰ কালডোৱা প্রথম খণ্ড গাঁৱৰ পঞ্চায়ত সদস্যা স্বপ্না দাসে আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্র চৌহদত এখন সৰু চাহৰ দোকান দি পৰিয়াল পোহপাল দি আছে৷ গাঁওখনৰ ইন্দ্রজিৎ দাসৰ পত্নী সহজ–সৰল মনোভাবৰ স্বপ্না দাসে বিগত ২০১৯ চনৰ পঞ্চায়ত নির্বাচনত বিপুল ভোটত জয়লাভ কৰিছিল৷ তেওঁ প্রতিনিধিত্ব কৰা পঞ্চায়তখনৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে কাম কৰাৰ লগতে পুৱা ছয় বজাতে আহি কেণ্টিনখন খোলে৷ তেওঁৰ কর্তব্যপৰায়ণতাত চিকিৎসালয়খনৰ ৰোগী আৰু ৰোগীৰ আত্মীয়সকলে চাহ, গৰম পানী, ৰুটী আদি সময়মতে লাভ কৰে৷ অৱশ্যে স্বামী ইন্দ্রজিৎ দাসে পত্নীক মাজে সময়ে সহায় কৰে যদিও অতি সহজ–সৰল আৰু হঁাহিমুখীয়া স্বপ্না দাসে চাহৰ দোকান দি ৰোগী আৰু ৰাইজক আপ্যায়ন কৰি গৌৰৱ অনুভৱ কৰে৷ আন কর্মচাৰী নথকা চাহৰ দোকানখনত নিজে চাহ, ৰুটী, চবজি আদি প্রস্তুত কৰি গ্রাহকক আপ্যায়ন কৰাৰ লগতে কাঁহী–বাটি আদিও নিজে ধুৱে স্বপ্নাই৷ স্বপ্নাৰ মধুৰ আচৰণত স্বাস্থ্য কেন্দ্রত ৰোগী থাকিলেও ৰোগীৰ আত্মীয়সকলে সাময়িকভাৱে মানসিক শান্তি লাভ কৰে৷ আনকি সকলো সময়তে স্বামীৰ ওপৰত নির্ভৰশীল নহৈ স্বামী আৰু পৰিয়ালক সকাহ দিব পৰা কিছু কাম সকলো মহিলাই কৰিব লাগে বুলি তেওঁ ৰোগীৰ আত্মীয়ক আৰু সাধাৰণ গ্রাহকক পৰামর্শ আগবঢ়ায়৷ কোনো ধৰণৰ লাজ–সংকোচ নথকা স্বপ্ণাই চৰকাৰী আঁচনিৰ ওপৰত ভৰসা নকৰিবলৈ মহিলাসকলক পৰামর্শ দিয়াৰ লগতে সুস্থ হৈ থকা মহিলাই নিজে কাম কৰি খোৱাৰ মানসিকতা থাকিব লাগে বুলি গ্রাহকক পৰামর্শ দিয়ে৷ তেতিয়াহে পুৰুষৰ লগতে সমানে খোজকাঢ়ি এখন সম্পদশালী শান্তিৰ সমাজ গঢ়িব পাৰি বুলিও ক’বলৈ নাপাহৰে স্বপ্নাই৷

You might also like