নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মীৰ অভাৱত যাত্রাত বিলম্ব এয়াৰ ইণ্ডিয়াৰ বিমানৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: উৰণ সংস্থা এয়াৰ ইণ্ডিয়াত এতিয়া কর্মীৰ অভাৱ৷ সেইবাবে আমেৰিকাগামী এয়াৰ ইণ্ডিয়াৰ দুখন বিমান ১৪ ঘণ্টা পলমকৈ উৰাবলগীয়া হ’ল সংস্থাটোৱে৷ পৰিস্থিতি এনে হৈছেগৈ যে ছানফ্রান্সিকোগামী এখন বিমানৰ সেৱা বাতিলো কৰিবলগীয়া হয়৷ আজি পুৱা আমেৰিকাৰ ছিকাগো আৰু কানাডাৰ টৰণ্টোগামী দুখন বিমান বন্দৰতেই থিয় কৰাই ৰাখিবলগীয়া হয়৷ নির্ধাৰিত সময়ত বিমানে যাত্রা নকৰে বুলি যাত্রীসকলক জনাই দিয়ে সংস্থাটোৱে৷ এয়াৰ ইণ্ডিয়া কর্তৃপক্ষই ঘোষণা কৰা অনুসৰি, সংস্থাটোত এতিয়া কর্মীৰ যথেষ্ট অভাৱ৷ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, চৰকাৰী এই উৰণ সংস্থাটোৰ মালিকীস্বত্ব টাটাই লাভ কৰাৰ পিছত বহু কর্মীক চাটাই কৰা হৈছে৷

You might also like