নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৩,৫১,৩৩৪লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ভিড মহামাৰীয়ে শেহতীয়াকৈ অতি সংহাৰ সৃষ্টি কৰিছে লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলত৷ দেশখনত বিগত ২৪ ঘণ্টাত মহামাৰীত নতুনকৈ ৭১,৮৩২গৰাকী লোক আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ২,৬১৬গৰাকীয়ে৷ দেশখনত এতিয়ালৈকে ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ৩.৫০ লাখ অতিক্রম কৰিছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দেশখনত কালিৰ দিনটোলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩,৫১,৩৩৪গৰাকী৷

লক্ষণীয়ভাৱে যোৱা বছৰ দেশখনত ক’ভিডৰ সংক্রমণ আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে মুঠ ১৩,৪৪৫,০০৬গৰাকী লোক আক্রান্ত হৈছে৷ উল্লেখনীয় যে দেশখনৰ আটাইতকৈ জনবহুল প্রদেশ ছাও পাওলোত ক’ভিডত আক্রান্ত ৮২,৪০৭গৰাকী লোকৰ মৃত্যু হৈছে৷ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই দেশখনত ক’ভিডে এনে সংহাৰ সৃষ্টি কৰা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷

You might also like