নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং আৰক্ষীৰ অভিযানত গৰু-ম’হভৰ্তি ট্ৰাকসহ ৩ অবৈধ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষাত আজি পুৱতিনিশা আৰক্ষীয়ে এখন অবৈধ গৰু-ম’হ ভৰ্তি ট্ৰাক জব্দ কৰিছে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, কোকৰাঝাৰৰ দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে চিৰাং জিলা অভিমুখে আহি থকা এ এছ ০১ এল চি/৯৪১১ নম্বৰৰ ১৪ চকীয়া ট্ৰাকখনত টহলদাৰী আৰক্ষীৰ দলে সন্দেহবশতঃ তালাচী চলোৱাত ট্ৰিপালৰে ঢাকি ৰখা অৱস্থাত ১৫টা বলধ গৰু আৰু ৭টা ম’হ প্ৰত্যক্ষ কৰে।

লগে লগে আৰক্ষীয়ে গৰু-ম’হভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে অবৈধভাৱে পশুধন সৰবৰাহ কৰা তিনি যুৱকক আটক কৰে। গৰু-ম’হ ভৰ্তি ট্ৰাকখন গৰুভাষা উপ আৰক্ষী চকীলৈ নি আটক কৰা যুৱক তিনিজনক সোধাপোছা কৰে।

আৰক্ষী অধীক্ষক সুধাকৰ সিঙে যুৱককেইজনক ক্ৰমে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ অন্তৰ্গত ১নং শিমলটাপুৰ বাসিন্দা প্ৰয়াত জোহৰ আলীৰ পুত্ৰ আমজাদ আলী (২৮), ৩নং শিমলটাপুৰ মঃ আব্দুল ৰছিদ শ্বেখৰ পুত্ৰ তাহেৰ আলী (২৬) আৰু একেখন গাঁৱৰ হুছেইন মোল্লাৰ পুত্ৰ ছোফিয়ান মোল্লা(৪০) বুলি চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ৰাজ্যখনত সঘনাই চৰ্চিত গৰু-ম’হৰ ছিণ্ডিকেট তথা অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিলে এই অবৈধ পশুধন সৰবৰাহ নিশ্চিতভাৱে বন্ধ হ’ব বুলি একাংশ নাগৰিকে মন্তব্য প্ৰকাশ কৰিছে।

চিৰাং আৰক্ষীয়ে ইতিমধ্যে  ড্ৰাগছ, চোৰাং তেল আদি সৰবৰাহত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি অবৈধ পশুধন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক ৰাইজে প্ৰশংসা কৰে।

You might also like