নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ আকাশ সীমা ব্যৱহাৰ কৰি পাক প্ৰধানমন্ত্ৰী ইমৰান খান গ’লগৈ শ্ৰীলংকা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দুদিনীয়া শ্ৰীলংকা ভ্ৰমণসূচী লৈ আজি ৰাওনা হয় দেশখনত। পাকিস্তানে সেই বিদেশ ভ্ৰমণৰ বাবে ভাৰতীয় আকাশসীমা ব্যৱহাৰৰ বাবে জনোৱা আবেদনক লৈ ভাৰতে পাক প্ৰধানমন্ত্ৰী ইমৰান খানক দেশৰ আকাশসীমা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।

ইছলামাবাদে ১০ দিন আগতে ভাৰতলৈ আবেদন কৰিছিল বুলি জানিব পৰা গৈছে। সোমবাৰে ৰাতিপুৱা আবেদনত অমুমতি প্ৰদান কৰে ভাৰতে। উল্লেখ্য, বিমানৰ বাবে সংশ্লিষ্ট দেশৰ আকাশসীমা ব্যৱহাৰ কৰাৰ অনুমতিৰ প্ৰয়োজন। ইছলামাবাদে সেই প্ৰটোকল অনুসৰণ কৰি ভাৰতলৈ আবেদন কৰিছিল।

উল্লেখ্য, ২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ক্ষেত্ৰত পাকিস্তানে এবাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ বাবে দুবাৰ পাকিস্তানৰ আকাশসীমা ব্যৱহাৰ কৰিবলৈ দিয়াত সন্মত হোৱা নাছিল দেশখনে। ফলস্বৰূপে, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এক পৃথক পথেৰে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হ’ব লগা হৈছিল।

You might also like