নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট সমবায় সমিতিত ব্যাপক অনিয়ম; ৩৬৫ কুইণ্টল চাউলসহ নথি পত্ৰ জব্দ

নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ গোলাঘাট সমবায় সমিতিত ব্যাপক অনিয়মেৰে ৩৬৫ কুইণ্টল চাউল মজুত কৰি ৰখাৰ ফলত জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে জব্দ কৰি বন্ধ কৰি দিয়ে সমিতিখন । যোৱা নিশা পৰ্যন্ত যোগান বিভাগৰ এটা দলে অভিযান চলাই ৩৬৫ কুইণ্টল চাউল গুদাম গৃহত অতিৰিক্ত ভাৱে মজুত থকাৰ তথ্য লাভ কৰাৰ পিছতে বন্ধ কৰি দিয়ে সমিতি খন ।

ইয়াৰোপৰি খাদ্য সুৰক্ষা নীতি উলংঘা কৰি সমিতি খন চলাই অহা বুলি তথ্য প্ৰমাণ হোৱাৰ পিছতে সমিতি খনৰ অন্তৰ্গত এখন সুলভ মূল্যৰ দোকানো ছীল কৰি দিয়ে । মজুত বহীৰ বিসংগতি, বিক্ৰী বহীত বিসংগতি, কেচ মেমো অবিহনেই চলি আছিল সমবায় খন । এই সমুহ তথ্যৰ ভিত্তিত যোগান বিভাগে সমিতিখনৰ ওপৰত ২৮,১৩,৭৬৩ টকাৰ ব্যাপক অনিয়ম সংঘটিত কৰা বুলি অভিযোগ কৰি তদন্ত অব্যাহত ৰাখিছে ।

You might also like