নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ডলি দেৱীৰ জীৱন সংগ্ৰাম; পিতৃৰ অসুস্থতাৰ বাবে চমজি লৈছে ঘৰৰ সমস্ত দায়িত্ব

-ৰঞ্জিত কুমাৰ নাথ

                   পিতৃৰ অসুস্থতাৰ বাবেই ছিপাঝাৰৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে বাছি ল’বলগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰামৰ পথ।।অধ্যয়নৰ সমান্তৰালকৈ ডলি দেৱী নামৰ তেৰ ভছৰীয়া ছাত্ৰী গৰাকীয়ে একপ্ৰকাৰ দায়িত্ব ল’বলগীয়া হৈছে পাচজনীয়া পৰিয়ালটিৰ। বিভিন্ন ধৰণৰ শাক- পাচলিৰ খেতিত মনোনিবেশ কৰাই নহয়,নিতৌ ৰাতিপুৱা চাইকেলত পাচলিৰ মোনা লৈ সেইবোৰ বিক্ৰী কৰে ঘৰৰ পৰা পাচ কি: মি: দূৰত্বৰ বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ কামত লাগিব লগা হৈছে কুমলীয়া বয়সতে। উল্লেখযোগ্য যে ছিপাঝাৰৰ হাতীমুৰীয়া গাৱৰ অৰবিন্দ নাথ আৰু ৰুণু দেৱীৰ কনিষ্ঠা কন্যা ডলী দেৱী বৰ্তমান স্থানীয় সাতখলি হাতীমুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছে।কিন্তু ডলীৰ পিতৃ শাৰীৰিক ভাবে অসুস্থ। অসুস্থ দেহাৰেই পাচজনীয়া পৰিয়ালটি চলাই আহিছিল যদিও শেহতীয়া ভাবে অসুস্থতা বৃদ্ধি পোৱাৰ বাবে সম্প্ৰতি চাইকেল চলোৱা , তথা বেছি কষ্টকৰ কাম কৰাত অসুবিধাৰ সন্মুখীন হৈ পৰিছে।সেয়েহে পুত্ৰ সন্তান নোহোৱা ঘৰখনত ডলীয়ে এতিয়া পালন কৰিব লগীয়া হৈছে পিতৃৰ দায়িত্ব। আৰু পিতৃয়ে কৰি অহা শাক পাচলিৰ বাৰীখনৰ দায়িত্ব চমজি লয় নিজে। অসুস্থ দেহাৰে পিতৃ আৰু মাতৃয়ে মূলত আগভাগ ললেও ষষ্ঠ শ্ৰেণীৰ ডলিৰ ভুমিকাই হল সৰ্বাধিক। কিয়নো ঘৰৰ পৰা প্ৰায় পাচ কি:মি দূৰত্বৰ বজাৰলৈ শাক পাচলি বিক্ৰীৰ বাবে দায়িত্ব লব লগীয়া হল ডলিয়ে।

লকডাউনৰ বাবে বিদ্যালয় সমুহ বন্ধ থকাৰ বাবে ডলীয়ে সহজতে চলাই নিছিল শাক পাচলি বিক্ৰীৰ কাম।কিন্তু শেহতীয়া ভাবে বিদ্যালয় সমুহৰ শ্ৰেণী এদিন এৰি এদিন হোৱাৰ বাবে ডলী বিদ্যালয়লৈ যাব নলগা হোৱাৰ দিনা শাক পাচলিৰ মোনা লৈ বজাৰ ওলায়।এনেদৰেই এতিয়া প্ৰতিনিয়ত নিজৰ চাইকেলখন লৈ ডলী ওলাই যায় নিজৰ ঘৰৰ পৰা।এদিন যদি ওলায় কিতাপ বহীৰ বেগটো চাইকেলত ওলোমাই জীৱন অন্বেষণৰ পথত ,আনদিনা ওলায় শাক-পাচলিৰ মোনাটো লৈ জীৱনৰে মোকাবিলা কৰিবলৈ।ইফালে ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক পদ্ধতিৰে সম্পন্ন কৰা ডলী হতৰ পাচলিৰ আদৰো আছে স্হানীয় লোকৰ মাজত।যাৰ বাবে কোনো দিনে হতাশো হব লগীয়া হোৱা নাই ডলী। নিজৰ চাইকেলখনত শাক পাচলিৰ মোনা দুটা লৈ ওলাই যোৱা ডলীৰ ওপৰতেই যেন এতিয়া নিৰ্ভৰশীল হৈ পৰিছে পৰিয়ালটো।উল্লেখযোগ্য যে ডলী ঘৰৰ একেবাৰে কনিষ্ঠ যদিও ক্ৰমে উচ্চতৰ মাধ্যমিক আৰু অষ্টম শ্ৰেণীত অধ্যয়ন ৰত আন দুগৰাকীয়ে সংকোচ কৰাৰ বাবে ডলী আগুৱাই আহিল পিতৃ-মাতৃক সকাহ দিবলৈ।অৱশ্যে এনেদৰে নুমলীয়া কন্যা পাচ ছয় কি:মি দূৰত্বৰ বজাৰলৈ চাইকেল লৈ শাক-পাচলি বিক্ৰী কৰিবলৈ যোৱা কথাটোত পিতৃ মাতৃ প্ৰথমে অলপ চিন্তাত পৰিছিল যদিও যদিও এতিয়া ডলীক লৈ কোনো দুচিন্তাত ভূগিব নালাগে পিতৃ মাতৃ।নিয়াৰিকৈ নৈমত্তিক দায়িত্ব পালন কৰিব পাৰিছে ডলীয়ে । ৰাজপথত আন্দোন কৰাৰ পৰিৱৰ্তে ছিপাঝাৰৰ এই গৰাকী কণমাণিয়ে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰা বিপ্লৱৰ পৰা যেন শিকিব লগীয়া যঠেষ্ট আছে আজিৰ প্ৰজন্মই।

You might also like